অসম

assam

By

Published : Jun 6, 2021, 10:48 PM IST

ETV Bharat / state

দলগাঁও সমষ্টিৰ বদলি বৰালিত ধনশিৰি-ব্ৰহ্মপুত্ৰৰ তাণ্ডৱ

ধনশিৰি-ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভেটিহীন কৰিলে শতাধিক পৰিয়ালক । জাহ গ'ল বিঘাই বিঘাই কৃষি ভূমি । আমছু উপদেষ্টা আৰু সাংবাদিকৰ দলে পৰিদৰ্শন কৰিলে খহনীয়া অঞ্চল ।

dhansiri brahmaputra erision in badali borali
দলগাঁও সমষ্টিৰ বদলি বৰালিত ধনশিৰি-ব্ৰহ্মপুত্ৰৰ তাণ্ডৱ

দলগাঁও, 6জুন : দৰং জিলাৰ দলগাঁও সমষ্টিৰ বদলি বৰালিত অব্যাহত আছে ধনশিৰি-ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ খহনীয়া । খহনীয়াৰ কৱলত পৰিছে বদলি বৰালি গাঁৱৰ বৃহৎ এলেকা । নদীত জাহ গৈছে শ শ কৃষি ভূমি, গৰাখহনীয়াত ভেটিহীন হৈছে শতাধিক পৰিয়াল ।

দলগাঁও সমষ্টিৰ বদলি বৰালিত ধনশিৰি-ব্ৰহ্মপুত্ৰৰ তাণ্ডৱ

খহনীয়াৰ কবলত মাটি, ভেটি হেৰুৱাই শংকিত হৈ পৰা বদলি বৰালি গাঁৱৰ নৈপৰীয়া ৰাইজৰ খবৰ লোৱাৰ বাবে উপস্থিত হৈ আমছুৰ কেন্দ্ৰীয় উপদেষ্টা আইনুদ্দিন আহমেদ আৰু খাৰুপেটীয়াৰ সাংবাদিকৰ এটা দল শীঘ্ৰে ব্যৱস্থা লোৱাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছে ৷ খহনীয়া অঞ্চল পৰিদৰ্শন কৰি আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে দলগাঁও সমষ্টিৰ বিধায়ক মজিবৰ ৰহমানক গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ বাবে আহ্বান জনাইছে ৷

উল্লেখ্য যে, দলগাঁও সমষ্টিৰ আৰিমাৰি আৰু শ্যামপুৰ গাওঁ পঞ্চায়তৰ বৃহৎ অঞ্চললৈ ভাবুকি কঢ়িয়াই অনা ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈৰ খহনীয়া প্ৰতিৰোধ নকৰিলে বৃহৎ অঞ্চল নৈত জাহ যোৱাটো নিশ্চিত বুলি জানিব দিয়ে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক :কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্পত কৰ্মৰত জোৱান নিৰুদ্দেশ

ABOUT THE AUTHOR

...view details