দৰং, 26 অক্টোবৰ: অশ্ৰুসিক্ত নয়নেৰে ৰাইজে বিদায় দিলে দেৱী দুৰ্গাক ৷ মঙলদৈ নদীৰ বিসৰ্জন ঘাটত পূৰ্বৰ আড়ম্বৰতা অবিহনেই দেৱী মাক বিদায় দিয়াৰ ব্যৱস্থা কৰিলে মঙলদৈবাসীয়েও ৷
অশ্ৰুসিক্ত নয়নেৰে মঙলদৈবাসীয়ে বিদায় জনালে দুৰ্গতিনাশিনীক - দুৰ্গতিনাশিনী
পূৰ্বৰ আড়ম্বৰতা অবিহনেই দেৱী মাক বিদায় দিলে মঙলদৈবাসীয়ে ৷ অশ্ৰুসিক্ত নয়নেৰে ৰাইজে মঙলদৈ নদীৰ ঘাটত সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি বহুল সমগম অবিহনেই বিসৰ্জন দিলে দেৱী মাক ৷
মঙলদৈবাসীয়ে বিদায় জনালে দুৰ্গতিনাশিনীক
আনবাৰৰ তুলনাত এইবাৰ যথেষ্ট কম আয়োজক কমিটিয়ে মঙলদৈ নদীৰ ঘাটত দেৱীৰ প্ৰতিমা বিসৰ্জন দিবলৈ অহা পৰিলক্ষিত হ'ল ৷ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি বহুল সমগম অবিহনেই ভক্তই বিসৰ্জন দিলে ষষ্ঠীৰ বেদীত স্থাপিত দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তিক ৷ উল্লেখ্য যে,বিসৰ্জন ঘাটত দৰং জিলা প্ৰশাসনৰ লগতে, আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী পৰিলক্ষিত হৈছে ৷