দৰং, 12 জুন: মঙলদৈত দিল্লী চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতম (Rajendra Pal Gautam in Mangaldoi)৷ দেওবাৰে দৰং জিলাৰ মঙলদৈ জিলা পুথিভঁৰাল প্ৰাংগণত ৰাজনৈতিক অধিকাৰ আন্দোলনৰ এখন সভা অনুস্থিত হয় । আজিজুৰ ৰহমান হাজৰিকাই আঁত ধৰা আৰু যুৱনেতা আখতাৰুল ৰহমান হাজৰিকাই সভাপতিত্ব কৰা সভাখনত দিল্লী চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা আপৰ কেন্দ্ৰীয় নেতা ৰাজেন্দ্ৰ পাল গৌতমে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷
সভাত ৰাজেন্দ্ৰ পাল গৌতমে সংবিধানে জনসাধাৰণক দিয়া অধিকাৰসমূহৰ ব্যাখ্যা কৰে । বিজেপি আৰু পূৰ্বৰ চৰকাৰৰসমূহে জনসাধাৰণক প্ৰকৃত সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰা বুলি মন্তব্য কৰে । মূলতঃ সংখ্যালঘূ লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত জেষ্ঠ সাংবাদিক অদীপ ফুকন, সমাজকৰ্মী ড৹ ভবেন চৌধুৰী, আপৰ নেতা জিতুল ডেকা আদিয়ে অংশগ্ৰহণ কৰে ।