অসম

assam

ETV Bharat / state

দলগাঁৱৰ শ্যামপুৰত হৰিণা উদ্ধাৰ - দলগাঁৱৰ শ্যামপুৰত হৰিণা উদ্ধাৰ

দলগাঁৱৰ শ্যামপুৰত হৰিণা উদ্ধাৰ । ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীত উটি আহিছিল হৰিণা পহুটো। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহাৰ সন্দেহ । খেৰনী চাপৰিৰ গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত উদ্ধাৰ হয় হৰিণাটো ।

Dalgaon
দলগাঁৱৰ শ্যামপুৰত হৰিণা উদ্ধাৰ

By

Published : Jul 13, 2020, 5:17 PM IST

দলগাঁও, 13 জুলাইঃসোমবাৰে দৰং জিলাৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত শ্যামপুৰ থানাৰ হামুৰচৰৰ পৰা উদ্ধাৰ হয় এটা হৰিণা । ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকৰী বানত দিকবিদিক হেৰুৱাই নৈৰ সোঁতত উটি আহে হৰিণাটো ৷ হামুৰচৰৰ বানাক্ৰান্ত লোকে হৰিণাটো উদ্ধাৰ কৰি খেৰনী চাপৰিৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক আব্দুল হাছিমক খবৰ দিয়ে। খবৰৰ ভিত্তিত গাঁওৰক্ষী বাহিনীৰ সম্পাদক আব্দুল হাছিমে তৎপৰতাৰে সোমবাৰে পূৱা যন্ত্ৰচালিত নাৱেৰে হামুৰচৰৰ পৰা পৰা হৰিণাটো উদ্ধাৰ কৰি আনি শ্যামপুৰ থানাত চমজাই দিয়ে । পৰৱৰ্তী সময়ত,ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন সুৰক্ষা কৰ্মীৰ এটা দল শ্যামপুৰ থানাত উপস্থিত হৈ হৰিণাটো উদ্ধাৰ কৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এৰি দিয়া বুলি জানিব পৰা গৈছে । উল্লেখ্য যে,হৰিণাটো বানৰ বাবে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷

দলগাঁও

ABOUT THE AUTHOR

...view details