দৰং,6 জানুৱাৰী:ওদালগুৰিৰ গাৰোগাঁৱত সংঘটিত হৈছে এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যু ৷ যুৱতীগৰাকীক প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, ২১ বছৰীয়া যুৱতীগৰাকীৰ ঘৰৰ সমীপৰ চাওতাল গাঁৱৰ ছলমন ছাংমা নামৰ এগৰাকী যুৱকৰ সৈতে দীৰ্ঘদিনৰ পৰা প্ৰেমৰ সম্পৰ্ক আছিল ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত যুৱতীগৰাকীৰ ঘৰলৈ সঘন আহ-যাহ অব্যাহত আছিল যুৱকজনৰ ৷ কিন্তু বিগত ২৬ ডিচেম্বৰত ঘৰৰ পৰা নিৰুদ্দেশ হৈ পৰে যুৱতীগৰাকী ৷ পৰিয়ালৰ লোকে বিভিন্ন স্থানত যুৱতীগৰাকীক বিচাৰি কোনো সন্ধান লাভ নকৰাত, অৱশেষত প্ৰেমিক ছলমনৰ ঘৰত তেওঁক বিচাৰি উপস্থিত হয় পৰিয়ালৰ লোক ৷
প্ৰথমাৱস্থাত যুৱকজনৰ পৰিয়ালে যুৱতীগৰাকীৰ পৰিয়ালৰ আগত উপস্থিতিৰ কথা অস্বীকাৰ কৰে ৷ পৰৱৰ্তী সময়ত ছলমনৰ পৰিয়ালে যুৱতীগৰাকী তাত থকাতো স্বীকাৰ কৰিলেও থকা ঠাইৰ সম্ভেদ দিবলৈ অপাৰগ হয় ৷ এই ঘটনাৰ দুদিন পিছতে যুৱতীগৰাকীৰ ঘৰৰ সমীপৰ এখন নৈৰ পাৰত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ ৷ পৰিয়ালৰ লোকে ততালিকে এই বিষয়ে অৱগত কৰে আৰক্ষীক ৷ যুৱতীগৰাকীৰ মৃতদেহটো প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে প্ৰথমাৱস্থাত এয়া আত্মহত্যা বুলি সন্দেহ কৰে যদিও মৃতদেহটোৰ মুখ, চকু, ওঁঠ আদিত আঘাতৰ চিন প্ৰত্যক্ষ কৰি এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰে ৷