অসম

assam

সম্প্ৰীতিৰ উচিত নিদৰ্শন দাঙি ধৰিলে দৰঙৰ খাৰুপেটীয়া আঞ্চলিক আমছুৱে

By

Published : Jan 23, 2020, 6:37 PM IST

বুধবাৰে ভুৱনেশ্বৰ মাহাতু (60/70) নামৰ এগৰাকী পৰিয়ালবিহীন হিন্দু ধৰ্মাৱলম্বী লোকৰ শেষকৃত্য সম্পন্ন কৰি, সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে দৰঙৰ খাৰুপেটীয়া আঞ্চলিক আমছুৱে ৷

খাৰুপেটীয়া আঞ্চলিক আমছু
সম্প্ৰীতিৰ উচিত নিদৰ্শন

খাৰুপেটীয়া, 23 জানুৱাৰীঃহিন্দু ধৰ্মাৱলম্বী পৰিয়ালবিহীন লোক এগৰাকীৰ শেষকৃত্য সম্পন্ন কৰিলে দৰং জিলা আমছুৱে ৷ বুধবাৰে বিহাৰৰ বাসিন্দা ভুৱনেশ্বৰ মাহাতু (60/70) নামৰ লোকজনৰ মৃত্যু হয় দৰং জিলাৰ খাৰুপেটীয়াৰ অন্তৰ্গত বিহুদিয়া গাঁৱত । পৰিয়ালবিহীন লোকগৰাকীৰ মৃতদেহ সৎকাৰৰ বাবে কোনো লোক আগবাঢ়ি নহাত অৱশেষত, খাৰুপেটীয়া নগৰ আঞ্চলিক আমছুৰ উদোগত দান বৰঙণি সংগ্ৰহ কৰি খাৰুপেটীয়া বিহাৰী সমাজ, খাৰুপেটীয়া পৌৰ সভাৰ প্ৰাক্তন সভাপতি অখিল সাহা , শিক্ষক পবন কুমাৰ ঝা, ব্যৱসায়ী বাপন দেৱনাথ, আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসকে ধৰি কৰি খাৰুপেটীয়া নগৰ আঞ্চলিক আমছুৰ বিষয়ববীয়া সকলৰ উপস্থিতিত, খাৰুপেটীয়া শ্মশান ঘাটত হিন্দু ধৰ্ম পৰম্পৰা অনুসৰি অন্তিম সৎকাৰ কৰা হয় ৷

সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে দৰঙৰ খাৰুপেটীয়া আঞ্চলিক আমছুৱে

ABOUT THE AUTHOR

...view details