দলগাঁৱৰ পুখুৰীত কিশোৰৰ মৃতদেহ উদ্ধাৰ - অসম নিউজ
বুধবাৰে আবেলি দলগাঁও টাউন মছজিদৰ পুখুৰীত গা ধুবলৈ গৈ মৃত্যু হৈছিল অক্ষয় বসাক নামৰ কিশোৰজন ৷ তাৰ পাচৰ পৰাই নিখোজ হৈ আছিল ছুপন বসাক নামৰ আন এগৰাকী কিশোৰ ৷ নিৰুদ্দিষ্ট কিশোৰজনৰ বিচাৰ-খোচৰ কৰি থকা সময়তে পুখুৰীত ওপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হয় কিশোৰজনৰ ৷

দৰং, 4 জুলাইঃ দৰঙৰ পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কিশোৰৰ মৃতদেহ ৷ মৃত কিশোৰ জনৰ নাম ছুপন বসাক । উল্লেখ্য যে, বুধবাৰে আবেলি দলগাঁও টাউন মছজিদৰ পুখুৰীত গা ধুবলৈ গৈ মৃত্যু হৈছিল অক্ষয় বসাক নামৰ কিশোৰজন ৷ তাৰ পাচৰ পৰাই নিখোজ হৈ আছিল ছুপন বসাক নামৰ কিশোৰগৰাকী ৷ নিৰুদ্দিষ্ট কিশোৰজনৰ বিচাৰ-খোচৰ কৰি থকা সময়তে পুখুৰীত ওপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হয় কিশোৰজনৰ ৷ ঘটনা সন্দৰ্ভত দলগাঁও আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । উল্লেখ্য যে, একেটা পুখুৰীতে দুজনকৈ কিশোৰৰ মৃত্যুৰ ঘটনাই সমগ্ৰ দলগাঁৱত শোকৰ ছাঁ পেলাইছে ।