মঙলদৈ, ৪ মে': মঙলদৈ চহৰৰ মাজেৰে বৈ যোৱা বেগানৈত বৃহস্পতিবাৰে দুপৰীয়া গা ধুবলৈ গৈ পানীত উটি গৈছিল ৰাজু দে' নামৰ ৪২ বছৰীয়া লোকজন । বিগত তিনিদিন ধৰি এছ দি আৰ এফ বাহিনীৰ জোৱান আৰু ডুবাৰুৱে মৃতদেহটো উদ্ধাৰৰ বাবে যথেষ্ট চেষ্টা কৰিছিল যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল । বিগত কেবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে ফেনে ফোটোকাৰে বাঢ়ি অহা বেগা নদীৰ কোবাল সোঁতে উটুৱাই লৈ গৈছিল ৰাজু দে'ক ।
যোৱা তিনিদিন ধৰি সন্ধানহীন হৈ থকাৰ পিছত শনিবাৰে আবেলি মঙলদৈ পশু চিকিৎসালয়ৰ পিছফালে নদীত ৰাজু দে'ৰ মৃতদেহ উপঙি থকা অৱস্থাত এছ দি আৰ এফে উদ্ধাৰ কৰে । পিছত মঙলদৈ থানাৰ আৰক্ষীয়ে মৃতদেহটো পানীৰ পৰা উঠাই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।