মঙলদৈ, 18 ডিচেম্বৰ: ৰাজ্যত আজৱ কাণ্ড ৷ দৰং জিলাৰ মঙলদৈৰ ভকতপাৰাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে (Dead body exchange) ৷ আমি সততে হাস্পতালত নৱজাতক সলনি হোৱাৰ কথা শুনিছো, অথবা হাস্পতালৰ ৰিপোৰ্ট সলনি হোৱাৰ খবৰ শুনিছো ৷ কিন্তু এই ঘটনা শুনিলে আপোনাৰো চকু কঁপালত উঠিব ৷ এইবাৰ মহিলাৰ মৃতদেহ সলনি হৈ অচিনাকী পুৰুষৰ মৃতদেহ উভতি আহিলে মৃতকৰ ঘৰলৈ (Dead body exchange at Mangaldoi)৷
এখন ঘৰত এগৰাকী লোকৰ বিয়োগত মৰ্মাহত হৈ পৰে আত্মীয়সকল (Woman body exchange with man) ৷ তেনেসময়তে আপোনাৰ ঘৰৰ লোকৰ সলনি অন্য লোক মৃতদেহ আপোনাৰ ঘৰলৈ আহিলে কেনেককুৱা পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে কল্পনা কৰিবলৈ আমিও অপাৰগ ৷
ঘটনা অনুসৰি ভকতপাৰাৰ মহিৰাম বসুমতাৰীৰ পত্নী জুতিকা বসুমতাৰীৰ শনিবাৰে নিশা 11 বজাত মৃত্যু হৈছিল গুৱাহাটীৰ আমিনগাঁৱৰ GNRC হাস্পতালত (GNRC Hospital Amingaon) মৃত্যু হৈছিল ৷ তাৰ পিচতে হাস্পতালৰ কিছু কাম ৰৈ যোৱাৰ কাৰণে পৰিয়ালৰ লোকে তেওঁক পিছদিনা ঘৰলৈ লৈ আহিবলৈ ঠিৰাং কৰিলে ৷ জুতিকাৰ স্বামীয়ে তেওঁৰ ঘৰৰ লোককে পত্নীৰ বিয়োগৰ কথা জনাই নিশা ঘৰলৈ নগৈ পুৱা ঘৰলৈ উভতিম বুলি অৱগত কৰে ৷
স্বামীৰ কথামতে হাস্পতালৰ লোকে মহিলাগৰাকীৰ মৃতদেহটো সযতনে পেকিং কৰিলে ৷ যাতে ঘৰলৈ নিবলৈ অনুবিধা নহয় ৷ আনকি স্বামীক হাস্পতালৰ কৰ্তৃপক্ষই পুৱালৈ ডেথ চাৰ্টিফিকেটো দিম বুলি কয় ৷ সেই কথামতে দেওবাৰে পুৱা হাস্পতালৰ সকলো যৱাতীয় কাম শেষ কৰি স্বামীয়ে জ্যোতিকাৰ মৃতদেহ লৈ পুৱা 9 বজাত ঘৰলৈ উভতি আহে ৷ কিন্তু ঘৰ পাই আহি জুতিকা বসুমতাৰীৰ মৃতদেহৰ ঠাইত এজন অচিনাকী পুৰুষৰ মৃতদেহ ৷