দৰং, 21 মে':সমগ্ৰ দেশতে কাল কৰ'ণাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে দৰং জিলাত ক্ৰমাৎ হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা ৷ বিগত 18 মে'ত জিলাখনত আক্ৰান্তৰ হাৰ 14% হোৱাৰ বিপৰীতে 20 মে'ত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে 8 % লৈ ৷
স্বাস্থ্য বিভাগৰ পৰা এই ভাল খবৰ লাভ কৰাৰ পাচতে মঙলদৈ কেন্দ্ৰীয় বিদ্যালয় আৰু জনাৰাম মডেল হাস্পতালত স্থাপিত ক'ভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন কৰে দৰং জিলাৰ উপায়ুক্ত প্ৰভাতী থাওচেনে ৷ উপায়ুক্ত গৰাকীয়ে দুয়োটা চেন্টাৰৰ দ্বায়িত্বত থকা চিকিৎসকসকলৰ সৈতে চিকিৎসা, খাদ্যৰ লগতে অন্যান্য সা সুবিধা সমুহৰ বুজ লয় ৷