দৰং, 21 এপ্ৰিল : পদ্মশ্ৰী প্ৰাপক ডঃ ইলিয়াছ আলীক সম্বৰ্ধনা ৷ দৰঙৰ দিপীলাৰ এখন ভিতৰুৱা গাঁও ঘোপেলীত জন্মগ্ৰহণ কৰি অসাধাৰণ প্ৰতিভাৰ পৰিচয় দাঙি ধৰি পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হোৱা প্ৰখ্যাত চিকিৎসক তথা বিশিষ্ট লেখকগৰাকীক পশ্চিম দৰঙৰ আঞ্চলিক ৰাইজ আৰু 20 টাকৈ অধিক অনু্ষ্ঠান-প্ৰতিষ্ঠানে একেলগ হৈ শনিবাৰে সম্বৰ্ধনা জনায় ৷ দিপীলাৰ জ্ঞানদীপ একাডেমী প্ৰেক্ষাগৃহত আয়োজিক এক সভাত গামোছা , চেলেং , জাপি , কিতাপৰ টোপোলা , শৰাই আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় বিশিষ্ট চিকিৎসকগৰাকীক ৷
পদ্মশ্ৰী বঁটা প্ৰাপক ডঃ ইলিয়াছ আলী আৰু অংকুৰজ্যোতি কলিতাক সম্বৰ্ধনা - assam
অসাধাৰণ প্ৰতিভাৰ পৰিচয় দাঙি ধৰি পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হোৱা প্ৰখ্যাত চিকিৎসক তথা বিশিষ্ট লেখকগৰাকীক পশ্চিম দৰঙৰ আঞ্চলিক ৰাইজ আৰু 20 টাকৈ অধিক অনু্ষ্ঠান-প্ৰতিষ্ঠানে একেলগ হৈ শনিবাৰে সম্বৰ্ধনা জনায় ৷ লগতে আয়নবল বিশ্বকাপত ভাৰতীয় দলৰ হৈ ৰানাৰ্ছআপৰ খিতাপ লাভ কৰি দৰঙলৈ গৌৰৱ কঢ়িয়াই অনা কমাৰগাঁৱৰ অংকুৰজ্যোতি কলিতাকো সম্বৰ্ধনা জনোৱা হয় ৷
ডঃ ইলিয়াছ আলীক সম্বৰ্ধনা
ইপিনে উক্ত অনুষ্ঠানতে আফ্ৰিকাৰ মৰক্কোত সদ্য অনুষ্ঠিত আয়নবল বিশ্বকাপত ভাৰতীয় দলৰ হৈ ৰানাৰ্ছআপৰ খিতাপ লাভ কৰি দৰঙলৈ গৌৰৱ কঢ়িয়াই অনা কমাৰগাঁৱৰ অংকুৰজ্যোতি কলিতাকো সম্বৰ্ধনা জনোৱা হয় ৷ দুয়োগৰাকী দৰং সন্তানে ভাৰত তথা অসমলৈ কঢ়িয়াই অনা এই সন্মানক লৈ উৎফুল্লিত পশ্চিম দৰংবাসী ৰাইজ ৷