প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰাৰ প্ৰয়াস দৰঙৰ একাংশ ভলীবল খেলুৱৈৰ - DARRANG VOLLEYBALL PLAYER INITIATIVE TO BAND PLASTIC
প্লাষ্টিক নিষিদ্ধৰ সংকল্প অ এন জিচিৰ, প্লাষ্টিকৰ ব্যৱহাৰ আৰু প্ৰয়োগ বন্ধ কৰাৰ লক্ষ্যৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে একাংশ ভলীবল খেলুৱৈয়ে ৷
দৰং,12 চেপ্তেম্বৰঃ ভাৰতীয় ৰাষ্ট্ৰীয় ভলীবল দলৰ প্ৰাক্তন তাৰকা খেলুৱৈ অভিজিত ভট্ৰাচার্যৰ জৰিয়তে অ এন জি চি অসমে খেলৰ দ্বাৰা গাঁও তথা নগৰ অঞ্চলত প্লাষ্টিক মুক্ত কৰাৰ প্ৰয়াস কৰিছে । বিশেষকৈ স্বচ্ছতাই সেৱা সূচক এক উদেশ্য আগত ৰাখি গ্ৰামাঞ্চলৰ কিশোৰ কিশোৰী তথা যুৱক যুৱতী সকলৰ মাজত সজাগতা বৃদ্ধিৰ চেষ্টা চলোৱা হৈছে । আনহাতে ভলীবলৰ খেলুৱৈৰ সংখ্যা বৃদ্ধি কৰি প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণ বন্ধ কৰাৰ বাবে অ এন জি চি অসমে গ্ৰহণ কৰিছে মিছন-১০০ নামৰ এক পৰিকল্পনা । অসমৰ খেলুৱৈ সমাজক আকৃষ্ট কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা এনে পৰিকল্পনা বুধবাৰে ছিপাঝাৰৰ হাজৰিকাপাৰাত আৰম্ভণী কৰা হয়৷
TAGGED:
স্বচ্ছতাই সেৱা