অসম

assam

ETV Bharat / state

দৰঙত আলোচনা পন্থী আলফা নেতাৰ বিৰুদ্ধে খিলিঞ্জীয়া অসমীয়াৰ ভূমি বেদখলৰ অভিযোগ - সন্দেহজনক নাগৰিক

1986 চনৰ পৰাই গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ পৰা যাৱতীয় অনুমতি গ্ৰহণ কৰি বিগত 34 বছৰে খেতি কৰি আহিছিল ব্ৰহ্মপুত্ৰ চৰ চাপৰিৰ মোৱামাৰী গাঁৱত। সমবায় ভিত্তিত বহু বিঘা ভূমিত কৰা এই কৃষি কাৰ্যই নিশ্চিতৰূপে বাধা দি আদিছিল সন্দেহজনক নাগৰিকৰ অগ্ৰাসনক। কিন্তু আলফা নেতাজনে একাংশ সন্দেহজনক নাগৰিকক লগত লৈ সমাবায় সমিটিখনক ভয়-ভাবুকি দি মাটি বেদখলক লৈ উদ্বিগ্ন হৈ পৰিছে সমবায় সমিটিখন। সমবায় সমিতিৰ তৰফৰ পৰা কৃষি কৰ্ম কৰা ভূমিখিনি দখল কৰি আলোচনাপন্থী আলফাই ইতিমধ্যে সেই স্থানত নিৰ্মাণ কৰিছে এটা কেম্প ৷

darrang ulafa alligations
দৰঙত আলোচনা প্ৰন্থী আলফা নেতাৰ বিৰুদ্ধে খিলিঞ্জীয়া অসমীয়াৰ ভূমি বেদখলৰ অভিযোগ

By

Published : Nov 18, 2020, 11:24 AM IST

Updated : Nov 18, 2020, 12:53 PM IST

দৰং,18 নৱেম্বৰঃসন্দেহজনক নাগৰিকৰ সৈতে মিলি খিলিঞ্জীয়া অসমীয়াই কৃষি কৰ্ম কৰা কেইবা বিঘা মাটি বেদখল কৰাৰ অভিযোগ আলোচনা পন্থী আলফা নেতা ৰঞ্জু ওৰফে প্ৰাণজিত শইকীয়াৰ বিৰুদ্ধে । এই অভিযোগ উত্থাপন কৰিছে ব্ৰহ্মপুত্ৰ যুটীয়া কৃষিপাম সমবায় সমিটি লিমিটেড নামৰ সমবায়খনে ।

দৰঙত আলোচনা প্ৰন্থী আলফা নেতাৰ বিৰুদ্ধে খিলিঞ্জীয়া অসমীয়াৰ ভূমি বেদখলৰ অভিযোগ

উল্লেখযোগ্য যে, সমবায় খনৰ বিষয়ববীয়াই সাংবাদিকক প্ৰদান কৰা তথ্য অনুসৰি 1986 চনৰ পৰাই গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ পৰা যাৱতীয় অনুমতি গ্ৰহণ কৰি বিগত 34 বছৰে খেতি কৰি আহিছিল ব্ৰহ্মপুত্ৰ চৰ চাপৰিৰ মোৱামাৰী গাঁৱত। সমবায় ভিত্তিত বহু বিঘা ভূমিত কৰা এই কৃষি কাৰ্যই নিশ্চিতৰূপে বাধা দি আদিছিল সন্দেহজনক নাগৰিকৰ অগ্ৰাসনক। কিন্তু আলফা নেতাজনে একাংশ সন্দেহজনক নাগৰিকক লগত লৈ সমাবায় সমিটিখনক ভয়-ভাবুকি দি মাটি বেদখলক লৈ উদ্বিগ্ন হৈ পৰিছে সমবায় সমিটিখন। সমবায় সমিতিয়ে কৃষি কৰ্ম কৰা ভূমিখিনি দখল কৰি আলোচনাপন্থী আলফাই ইতিমধ্যে সেই স্থানত নিৰ্মাণ কৰিছে এটা কেম্প ৷

আনহাতে সেই ভূমিত আলোচনা পন্থী আলফা নেতাজনে সন্দেহজনক নাগৰিকক লগত লৈ "তথা কঠিত কৃষি বিপ্লৱ" আৰম্ভ কৰা বুলিও উল্লেখ কৰে সমবায় সমিটিখনে। তেওঁলোকক দিয়া ভাবুকিৰ বিৰুদ্ধে ইতিমধ্য়ে সমবায় সমিটিখনে ৰঞ্জু ওৰফে প্ৰাণজিত শইকীয়াৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত দাখিল কৰিছে এজাহাৰ । কিন্তু আৰক্ষীয়েও এই পৰ্যন্ত কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ সমবায় সমিতিখনৰ ।

ইপিনে সমবায় সমতিখনে খিলঞ্জীয়াক ভয় ভাবুকি দি কৃষিভূমি বেদখল কৰাতকৈ সন্দেহজনক নাগৰিকে বেদখল কৰি থকা কুৰুৱা-ফুহুৰাতলীৰ হেজাৰ বিঘা ভূমিত গৈ একেই বিৰত্ব দেখুৱাই সেই ভূমি বেদখল মুক্ত কৰি তাত খেতি নকৰে কিয় বুলি প্ৰশ্ন উত্থাপন কৰিছে আলোচনা পন্থী আলফা নেতাজনক ৷

লগতে পঢ়কঃ অগপলৈ যাব নেকি প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ !

Last Updated : Nov 18, 2020, 12:53 PM IST

ABOUT THE AUTHOR

...view details