অসম

assam

ETV Bharat / state

ছিপাঝাৰত চেমনীয়াৰ ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি

বিনন্দীয়া প্ৰকৃতিৰ বুকুলৈ আকৌ আহিছে ব’হাগ ৷ আগন্তুক নিৰ্বাচনেও যেন ম্লান কৰিব পৰা নাই বিহুৰ আনন্দ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ছিপাঝাৰৰ চেমনীয়াই চলাইছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷

ছিপাঝাৰত চেমনীয়াৰ ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি

By

Published : Apr 6, 2019, 9:26 AM IST

দৰং, 06 এপ্ৰিল : সমাগত লোকসভা নিৰ্বাচন ৷ এই নিৰ্বাচনৰ বাবে সকলো দলৰে নেতা-কৰ্মীৰ লগতে সাধাৰণ সোকসকলৰ মাজতো ব্যাপক নিৰ্বাচনী ব্যস্ততা দেখিবলৈ পোৱা গৈছে ৷ যাৰ বাবে আগন্তুক ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি যেন অলপ হ’লেও ম্লান পৰিছে ৷ তেনে সময়তে ছিপাঝাৰৰ হাজৰিকাপাৰৰ একাংশ চেমনীয়াই চলাইছে অসমীয়াৰ প্ৰাণৰো প্ৰাণ ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি ৷

গছ লতাই কুঁহি পাত মেলাৰ লগে লগে মানুহৰ মনৰ মাজত দোলা দিছেহি হেঁপাহৰ ৰঙালী বিহুৰ ৰঙীন সপোন ৷ সেয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ছিপাঝাৰস্থিত হাজৰিকাপাৰৰ বিহু বাকৰিত চেমনীয়া সকলে চলাইছে বিহুক আদৰাৰ প্ৰস্তুতি ৷

ছিপাঝাৰত চেমনীয়াৰ ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি

ABOUT THE AUTHOR

...view details