দৰং, 23 অক্টোবৰঃ দৰঙত চৰকাৰে যোগান ধৰা অন্ন সুৰক্ষা আঁচনিৰ চাউল হৰলুকি ৷ পাথৰিঘাট গাঁও পঞ্চায়ত সমবায় সমিতিত সংঘটিত হৈছে এই ঘটনা ৷ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে এক টকাত যোগান ধৰা ৮০ বেগ চাউল হৰলুকি হ'ল পাথৰিঘাট সমবায়ৰ পৰা ৷ পাচত এজেন্টে সময়ত চাউল নোপোৱাৰ অভিযোগ দাখিল কৰে জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগক ৷ ইপিনে যোগান বিভাগে আৰম্ভ কৰা তদন্তত ধৰা পৰে ৮০ বেগ চাউল হৰলুকি হোৱাৰ তথ্য ৷ অৱশেষত উপায়ুক্তৰ নিৰ্দেশ মৰ্মে যোগান বিভাগে বাতিল কৰে সমবায়খনৰ অনুজ্ঞাপত্ৰ ৷
দৰঙত অন্ন সুৰক্ষা আঁচনিৰ চাউল হৰলুকিৰ অভিযোগ - দৰঙত যোগান বিভাগে বাতিল কৰে সমবায়ৰ অনুজ্ঞাপত্ৰ
খীৰতি গাইত পৰিণত হৈছে দৰঙৰ পাথৰিঘাট সমবায় সমিতি ৷ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে এক টকাত যোগান ধৰা ৮০ বেগ চাউল হৰলুকি হ'ল পাথৰিঘাট সমবায়ৰ পৰা ৷ এজেন্টে সময়ত চাউল নাপায় অভিযোগ দিয়ে জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগক ৷ অৱশেষত উপায়ুক্তৰ নিৰ্দেশ মৰ্মে যোগান বিভাগে বাতিল কৰে সমবায়খনৰ অনুজ্ঞাপত্ৰ ৷
দৰঙত অন্ন সুৰক্ষা আঁচনিৰ চাউল হৰলুকি
উল্লেখ্য যে পূৰ্বতেও সমবায় সমিতিখনত দুবাৰকৈ সংঘটিত হৈছিল চাউল হৰলুকিৰ ঘটনা ৷ যাৰ বাবে সমবায়খনৰ বাতিল হৈছিল অনুজ্ঞাপত্ৰ ৷ জেল হাজোতলৈ গৈছিল সমবায়খনৰ দায়িত্বত থকা হৰেশ্বৰ ডেকা নামৰ এজন লোক ৷ কিন্তু তৃতীয় বাৰো পুনৰ অনুৰুপ ঘটনা সংঘটিত হোৱাত হাহাকাৰ লাগিছে এতিয়া হিতাধিকাৰী সকলৰ মাজত ৷
Last Updated : Oct 23, 2019, 1:33 PM IST