অসম

assam

মঙলদৈত ৰাষ্ট্ৰীয় পোষণ মাহৰ কাৰ্যসূচীত কৃষি প্ৰশিক্ষণ আৰু বীজ বিতৰণ

By

Published : Sep 17, 2020, 4:30 PM IST

ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে অংনাবাদী কৰ্মী আৰু সহায়িকাক কৃষি প্ৰশিক্ষণ আৰু বীজ বিতৰণ কাৰ্যসূচী ৷ ভাষণ প্ৰসংগত জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই জিলা খনন অংগনবাদী কেন্দ্ৰৰ গৃহৰ সমস্যা সমূহ অতি কম সময়ৰ ভিতৰত সমাধান কৰা হ’ব বুলি উল্লেখ কৰে

darrang  rastriya poshan maah and krishak sanmilan
মঙলদৈত ৰাষ্ট্ৰীয় পোষণ মাহৰ কাৰ্যসূচীত কৃষি প্ৰশিক্ষণ আৰু বীজ বিতৰণ

দৰং,17 ছেপ্তেম্বৰঃ বৃহস্পতিবাৰে মঙলদৈ ইউথ ক্লাৱত পোষণ অভিযান ২০২০ উপলক্ষে অংনাবাদী কৰ্মী আৰু সহায়িকা সকলক প্ৰশিক্ষণ আৰু বীজ বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । জিলা কৃষি বিকাশ কেন্দ্ৰৰ আৰু জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত অংগনবাদী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকা সকলৰ মাজত এদনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুস্থিত হয় ।

মঙলদৈত ৰাষ্ট্ৰীয় পোষণ মাহৰ কাৰ্যসূচীত কৃষি প্ৰশিক্ষণ আৰু বীজ বিতৰণ

উল্লেখযোগ্য যে,প্ৰশিক্ষণৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰা,বিধায়ক গুৰুজ্যোতি দাস,জিলা সমাজ কল্যাণ বিষয়া মাধুৰী বৰা,দৰং জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী আব্দুল হাভিজ, লগতে মঙলদৈৰ জেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাস। ভাষণ প্ৰসংগত জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই জিলা খনন অংগনবাদী কেন্দ্ৰৰ গৃহৰ সমস্যা সমূহ অতি কম সময়ৰ ভিতৰত সমাধান কৰা হ’ব বুলি উল্লেখ কৰে ৷ লগতে ভৱিষ্যত প্ৰজন্ম এটি শিশু বাবে সুষম আহাৰ যোগান ধৰাৰ ক্ষেত্ৰত এখন" ৰান্ধনি পাচলি বাগিছা" ৰ গুৰুত্ব অপৰিসীম বুলি মত পোষণ কৰে।

ইপিনে বিধায়ক গুৰুজ্যোতি দাসে ক’ৰণা মহামাৰীৰ সময়ত কৰা কামৰ বাবে অংগনবাদী কেন্দ্ৰৰ কৰ্মী,সহায়িকা সকলক ধন্যবাদ জ্ঞাপন কৰে। পোষণ মাহ উপলক্ষে অনুষ্ঠিত প্ৰশিক্ষণ আৰু বীজ বিতৰণ কাৰ্যসূচীক এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী বুলি মত পোষণ কৰে ৷ লগতে প্ৰাকৃতিক ভাৱে পোৱা ফল মুলৰ ওপৰত গুৰুত্ব দি যিমান পাৰি ৰাসায়নিক সাৰ নোহোৱাকৈ শাকপাচলিৰ কৃষিৰ ওপৰত গুৰুত্ব দিবলৈ অংগনাবাদী কৰ্মী আৰু সহায়িকা সকলক আহ্বান জনায়। শিশু সকলৰ ভবিষ্যতৰ ওপৰত গুৰুত্ব দি ভাৰত চৰকাৰে এই পোষণ মাহ উদযাপনত গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰি এই "ৰান্ধনী ৰ পাচলি বাগিছা " জৰিয়তে ঘৰখনৰ পৰিয়ালৰ সুষম আহাৰ যোগান ধৰাৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি ভাষণ প্ৰসংগত কয়। মাতৃ গৰ্ভৰ পৰা শিশু সকলক লালিত পালিত কৰা এই অংগনাবাদী কেন্দ্ৰৰ কৰ্মী সহায়িকা আৰু কেন্দ্ৰ সমূহৰ ভাল কৰিবই লাগিব বুলি বিধায়ক গৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

লগতে পঢ়কঃ উদণ্ড ট্ৰাক চালকৰ পৰা কথমপি প্ৰাণ ৰক্ষা আৰক্ষীৰ

ABOUT THE AUTHOR

...view details