দৰং,27 ফেব্ৰুৱাৰীঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গড়কাপ্তানি বিভাগত চলিছে ব্যাপক দুৰ্নীতি ৷ পথ নিৰ্মাণৰ নামত দৰঙত সংঘটিত হৈছে লুণ্ঠন ৷ 1নম্বৰ কুঁৱৰীপুখুৰী গাঁৱৰ পৰা বাৰংগবাৰীলৈ যোৱা পথটি কেইবাকোটি টকাৰ ব্যয় সাপেক্ষে নিমাণ কাৰ্য চলাই থকা হৈছে ৷ কিন্তু শিল,বালি নিদিয়াকৈ ঠিকাদাৰে মাত্ৰ বালিমাটিৰ ওপৰতে পথ পকীকৰণ কৰি আছে ৷ যাৰ ফলত বখলা-বখলিকৈ উঠি গৈছে পকীপথৰ ওপৰৰ অংশসমূহ ৷
দৰঙত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ - দৰং গড়কাপ্তানি বিভাগ
দৰঙত নিৰ্মাণৰ তিনিদিন পিছৰ পৰা বখলা-বখলিকৈ উঠি যায় কুঁৱৰীপুখুৰী গাঁৱৰ গড়কাপ্তানি বিভাগৰ অন্তৰ্গত পকীপথটো ৷ পথ নিৰ্মাণৰ নামত দৰঙত সংঘটিত হৈছে লুণ্ঠন ৷

পথ নিৰ্মাণত দুৰ্নীতি
পথ নিৰ্মাণত দুৰ্নীতি
ইপিনে,পথ নিৰ্মাণত মুকলিকৈ চলি থকা এই দুৰ্নীতি সন্দৰ্ভত কাণসাৰ নাই দৰঙৰ গড়কাপ্তানী বিভাগৰ ৷ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি,সীমাহীন দুৰ্নীতি সংঘটিত হোৱাৰ পিছতো কোনো তদন্ত নকৰে বিভাগীয় বিষয়া তথা অভিযন্তাসকলে ৷ মুকলিকৈ ঘটি থকা এই দুৰ্নীতিৰ ক্ষেত্ৰত বৰ্তমানলৈকে নিমাত হৈ আছে দলগাঁৱৰ বিধায়ক ইলিয়াছ আলী ৷ পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত লক্ষণীয় হ’ব ৷