দৰং, 3 জুন: দৰঙত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ সমান্তৰালকৈ এইবাৰ আবকাৰী বিভাগে কৰিবলগীয়া কামো কৰিবলগীয়া হৈছে দৰং আৰক্ষীয়ে । আবকাৰী বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ একাংশ লোকে জিলাখনৰ অলিয়ে গলিয়ে চলাই আহিছে চুলাই মদৰ ৰমৰমীয়া বেহা ৷ যি চুলাই সেৱন কৰি বহু ব্যক্তিৰ জীৱনলৈ অমানিশা নামি আহিছে সেই চুলাই মদৰ বিক্ৰী তথা সেৱনে জিলাখনত ঋণাত্মক পৰিৱেশৰ সৃষ্টি কৰাত ইয়াৰ বিৰুদ্ধে শেহতীয়াকৈ, মঙলদৈ সদৰ আৰক্ষীয়ে অভিযান চলাই জিলাখনৰ চেঙেলীয়াপাৰা, বাংলাগড় আদি ঠাইত চুলাই মদৰ কেইবাটাও ঘাটি উৎখাত কৰে ৷
অবৈধ সুৰাৰ বিৰুদ্ধে মঙলদৈ আৰক্ষীৰ অভিযান - সুৰাৰ বিৰুদ্ধে মঙ্গলদৈ আৰক্ষীৰ অভিযান
সমগ্ৰ ৰাজ্যত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে দৰং জিলাতো আৰক্ষীয়ে সক্ৰিয়ভাৱে চলাই আছে অভিযান ৷ কিন্তু, একে সময়তে আবকাৰী বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ জিলাখনত চুলাইৰ ব্যৱসায়ীয়ে চলাই আছে চুলাইৰ ৰমৰমীয়া বেহা ৷ এনে সময়তে দৰং আৰক্ষীয়ে অভিযান চলাই জিলাখনত ৮ টা কৈ চুলাই মদৰ কাৰখানা উৎখাত কৰে ৷
অবৈধ সুৰাৰ বিৰুদ্ধে মঙ্গলদৈ আৰক্ষীৰ অভিযান
মঙলদৈ সদৰ থানাৰ আৰক্ষী বিষয়া দান্তেজিত দেউৰীৰ নেতৃত্বত চলা এক অভিযানত 8 টাকৈ চুলাই মদৰ কাৰখানা ধ্বংশ কৰিবলৈ সক্ষম হোৱাৰ লগতে প্ৰায় দুই হাজাৰ লিটাৰ চুলাই মদ নষ্ট কৰে আৰক্ষী বাহিনীয়ে ৷ অৱশ্যে, আৰক্ষীৰ আগমণৰ উমান পাই কাৰখানাৰ গৰাকীয়ে পলায়ন কৰাত চুলাই ব্যৱসায়ীক আটক কৰাত আৰক্ষী বিফল হয় ৷ অৱশ্যে চুলাই মদৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব বুলি মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জানিবলৈ দিছে ৷
লগতে পঢ়ক :উদালী কাণ্ডৰ আন দুই অভিযুক্তক গ্ৰেপ্তাৰ