দৰং, 18 ছেপ্টেম্বৰ :ৰাজ্যত দেওবাৰৰ পৰা আৰম্ভ হৈছে এক কোটি গছপুলি ৰোপনৰ কাৰ্যসূচী ৷ অসমীয়াৰ মান বিহুক বিশ্ব দৰবাৰত চিনাকি কৰোৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গুৱাহাটীস্থিত সৰুসজাই ষ্টেডিয়ামত কেইবাহাজাৰ বিহুৱা-বিহুৱতীৰ বিহুনাচেৰে বিশ্ব অভিলেখ গঢ়াৰ পাচত এতিয়া লক্ষ্য কৰি লৈছে আন এটা বিশ্ব অভিলেখৰ ৷
সেউজীকৰণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে লৈছে এই লক্ষ্য ৷ চৰকাৰৰ এই পৰিৱেশ ৰক্ষণমূলক কাৰ্যলৈ যথেষ্ট সঁহাৰিও পাইছে ৰাইজৰ ৷ ৰাজ্যৰ প্ৰতিখন জিলাতে প্ৰশাসনে গছপুলি বিতৰণৰ পৰা আৰম্ভ কৰি প্ৰশিক্ষণ দিয়ালৈকে বিভিন্ন কাৰ্যসূচীত ব্যস্ত হৈ আছে ৷ 17 ছেপ্টেম্বৰৰ দিনটো ধাৰ্য কৰা হৈছিল এই বিশেষ কাৰ্যসূচীৰ বাবে ৷
দেওবাৰে দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে অমৃত বৃক্ষ আন্দোলন উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত গছপুলি ৰোপণ কৰে । এই গছপুলি ৰোপণ কাৰ্যসূচীত দৰঙৰ জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকা আৰু প্ৰখ্যাত প্ৰকৃতিপ্ৰেমী গৌৰী শংকৰ কলিতায়ো অংশগ্ৰহণ কৰে ৷ দৰং জিলাৰ আত্মসহায়ক গোটসমূহ, আশাকৰ্মী, অংগনবাড়ী কৰ্মী, আৰক্ষী আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰী, পঞ্চায়ত কৰ্মী, শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, সমাজকৰ্মী আদিৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সদস্য তথা কৰ্মী, প্ৰকৃতিপ্ৰেমী আৰু সাধাৰণ ৰাইজে এই অমৃত বৃক্ষ আন্দোলনত অংশগ্ৰহণ কৰি গছপুলি ৰোপণ কৰে । উল্লেখ্য যে, অমৃত বৃক্ষ আন্দোলন বৃক্ষ অৰ্থনীতি সম্প্ৰসাৰণৰ বাবে অসম চৰকাৰৰ এক অভিলাষী পদক্ষেপ ।
অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই জন আন্দোলনৰ সূচনা কৰিছে । এই আন্দোলনে অসমৰ সেউজ আৱৰণ বৃদ্ধিত অৰিহণা যোগোৱাৰ লগতে স্থানীয় জৈৱ-বৈচিত্ৰৰ সমৃদ্ধি আৰু সংৰক্ষণৰ কাৰণেও অৱদান আগবঢ়াব । দেওবাৰে ৰাজ্যৰ আন আন জিলাসমূহৰ দৰে দৰঙৰ ৰাইজেও এই আন্দোলনত অংশগ্রহণ কৰি ইতিহাসৰ নতুন অধ্যায় সূচনা কৰাৰ দিশত এক অনন্য অৱদান আগবঢ়ালে ।
লগতে পঢ়ক :Amrit Brikhshya Andolan: 1 কোটি গছপুলি ৰোপনৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যত ‘‘অমৃত বৃক্ষ আন্দোলন’’