অসম

assam

ETV Bharat / state

দৰঙতো পৰম্পৰাগতভাৱে গৰু বিহু উদযাপন - aparajita mahanta

দিমিলা নৈ পাৰত ব্যাপক উচাহ । দিপীলাৰ সমীপৰ গভৰা দলংঘাট গাঁৱৰ ৰাইজ একত্ৰিত হৈ দিমিলা নৈৰ পাৰতে একেলগে পৰম্পৰাগতভাৱে উদযাপন কৰিলে গৰু বিহু ।

etv bharat

By

Published : Apr 14, 2019, 2:56 PM IST

দৰং, 14 এপ্ৰিলঃ গৰু বিহু উপলক্ষে উচাহ-উদ্দীপনাৰে ভৰি পৰিছে সমগ্ৰ ৰাজ্য । সমগ্ৰ ৰাজ্যৰ লগতে দৰংবাসীয়েও পৰম্পৰাগতভাৱে পালন কৰিলে গৰু বিহু । এইবাৰ গৰু বিহুত গভৰা দলংঘাট গাঁৱৰ ৰাইজ একত্ৰিত হৈ দিমিলা নৈৰ কলেজঘাটত সমূহীয়াকৈ নোৱালে-ধোৱালে গৰু-গাইক ।

দৰঙতো পৰম্পৰাগতভাৱে গৰু বিহু উদযাপন

অঞ্চলটোৰ মুনলাইট গোষ্ঠীৰ উদ্যোগতে কণ-কণ শিশুৰ পৰা আৰম্ভ কৰি ডেকা-গাভৰু, জেষ্ঠজন এনেদৰে লগে ভাগে ওলাই আহি সকলোৱে উদযাপন কৰিলে হেঁপাহৰ বিহুটো । গৰু-গাইক নোৱাই-ধোৱাই পৰম্পৰাগতভাৱে দীঘলটি পাতেৰে কোবাই লাও, বেঙেনা, হালধি, কেৰেলা, থেকেৰা গৰুৰ গালৈ দলিয়াই বিহুৰ সাতামপুৰুষীয়া ৰীতি-নীতি পালন কৰিলে গাঁৱৰ ৰাইজে ৷

ABOUT THE AUTHOR

...view details