দৰং, 17 মেঃ শনিবাৰে দৰং জিলা পৰিদৰ্শন কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেই । ইয়াৰ উপৰিও দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত জিলাখনৰ গ্ৰামোন্নয়ন বিভাগৰ বিষয়া-কৰ্মচাৰী, দৰং জিলা উপায়ুক্ত আৰু বিধায়কসকলৰ সৈতে আলোচলাত মিলিত হয় মন্ত্ৰী গৰাকী । এই আলোচনাতে এমজিএনৰেগা আঁচনিৰ লগতে অন্যান্য আঁচনিৰ খতিয়ান লয় মন্ত্ৰীগৰাকীয়ে ।
সামাজিক দূৰত্ব বৰ্তাই জৱকাৰ্ডৰ কাম আৰম্ভ কৰক : নৱ দলে - মঙলদৈ সমষ্টি
শনিবাৰে দৰং জিলা পৰিদৰ্শন কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে । জৱকাৰ্ড শ্ৰমিকসকলক সামাজিক দূৰত্ব আৰু চৰকাৰী নীতি-নিৰ্দেশনা মানি কাম কৰাৰ বাবে নিৰ্দেশ প্ৰদান মন্ত্ৰী নৱ দলেৰ ।
জবকাৰ্ড শ্ৰমিকক সামাজিক দূৰত্ব মানি কাম কৰাৰ অনুমতি মন্ত্ৰী নৱ দলেৰ
উল্লেখ্য যে, জৱকাৰ্ড শ্ৰমিকসকলক সামাজিক দূৰত্ব আৰু চৰাকৰী নীতি-নিৰ্দেশনা মানি কাম কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে গ্ৰামোন্নয়ন মন্ত্ৰী গৰাকীয়ে । এই সভাত উপস্থিত থাকে দৰং জিলাৰ উপায়ুক্ত দীলিপ কুমাৰ বৰা, মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজোতি দাস, ছিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়া, কলাইগাঁৱৰ বিধায়ক মহেশ্বৰ বড়ো আৰু দলগাঁৱৰ বিধায়ক ইলিয়াচ আলি ।
লগতে পঢ়ক-জলপাইগুড়িত বাছ দুৰ্ঘটনা, আহত 15