অসম

assam

By

Published : Sep 7, 2020, 8:53 AM IST

ETV Bharat / state

মৰ্মান্তিকঃ কেনে পৰিস্থিতিত পৰিলে নিজ সন্তানক অনাথ আশ্ৰমত থব পাৰে মাতৃয়ে..

ওদালগুৰিৰ টংলা ৰূপাখাটাৰ ভানু বৰুৱা নামৰ মহিলাগৰাকী দীৰ্ঘদিনৰ পৰা আক্ৰান্ত হৈ আছে কৰ্কট ৰোগত ৷ ধনৰ অভাৱ আৰু নিজ চিকিৎসাৰ ফলত জুৰুলা হৈ পৰাত সন্তান পোহপাল দিব নোৱাৰি তেখেতে অনাথ আশ্ৰমত ৰাখিবলৈ বাধ্য হ’ল নিজৰ সন্তানক ৷

Darrang mother sends her child to orphanage
আৰ্থিক দৈন্যতাৰ বাবে নিজ সন্তানক অনাথ আশ্ৰমত ৰাখিবলৈ বাধ্য হ’ল মাতৃ

দৰং, 7 ছেপ্তেম্বৰঃ এগৰাকী মাতৃৰ কৰুণ কাহিনী ৷ আৰ্থিক দৈন্যতা আৰু জটিল ৰোগত আক্ৰান্ত হৈ নিজ সন্তানক অনাথ আশ্ৰমত ৰাখিবলৈ বাধ্য হ’ল মাতৃয়ে ৷ মহিলাগৰাকী ওদালগুৰিৰ টংলা ৰূপাখাটাৰ ভানু বৰুৱা ৷ দুবছৰ পূৰ্বে স্বামীক হেৰুওৱা ভানু বৰুৱাই স্বামীৰ মৃত্যুৰ পিছত অতি কষ্টৰে নিজৰ দুই সন্তানক পোহপাল দি আহিছিল ৷ কিন্তু ইয়াৰ মাজতে তেখেতৰ জীৱনলৈ নামি আহিল আন এক অমানিশা ৷ হঠাৎ ভানু বৰুৱা আক্ৰান্ত হয় জটিল কৰ্কট ৰোগত ৷

আৰ্থিক দৈন্যতাৰ বাবে নিজ সন্তানক অনাথ আশ্ৰমত ৰাখিবলৈ বাধ্য হ’ল মাতৃ

লোকৰ পৰা ধাৰ ঋণ কৰি তেখতে কোনোমতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নিজৰ চিকিৎসা অব্যাহত ৰাখিছিল ৷ চিকিৎসকে তেখেতক অস্ত্ৰোপচাৰৰ পৰামৰ্শ আগবঢ়ায় ৷ কিন্তু লক্ ডাউনৰ মাজত আৰ্থিকভাৱে জুৰুলা হৈ পৰা ভানু বৰুৱাই চিকিৎসা কৰিব নোৱাৰৰ ফলত তেখেতৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে ৷ ধনৰ অভাৱৰ লগতে নিজৰ জটিল ৰোগৰ বাবে নিজ পুত্ৰ-কন্যাৰ পোহপাল দিব নোৱাৰি অৱেশষত বাধ্য হৈ গুৱাহাটীৰ অনাথ আশ্ৰমত এৰি থৈ আহে নিজৰ দুয়োটা সন্তানক ৷

লগতে পঢ়ক-মাজনিশা পৰ্যন্ত উত্তাল নগাঁৱৰ উৰীয়াগাঁও বাইপাছ

ABOUT THE AUTHOR

...view details