দৰঙৰ সাপ্তাহিক বজাৰত কদৰ্যময় পৰিৱেশ - MLA
দৰঙ জিলা পৰিষদৰ দ্বাৰা নিয়ন্ত্ৰিত দেওমৰনৈ সাপ্তাহিক বজাৰৰ কদৰ্যময় পৰিৱেশে জীয়াতু ভুগাইছে সাধাৰণ ৰাইজক ।শীঘ্ৰে ব্যৱস্থাগ্ৰহণৰ বাবে স্থানীয় বিধায়কলৈ ৰাইজৰ আহ্বান ৷
দৰং,27মে': কৃষি অৰ্থনীতিত একোখন সাপ্তাহিক বজাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । তেনে এখন গুৰুত্বপূৰ্ণ বৃহৎ বজাৰ হৈছে দৰঙৰ দেওমৰনৈ সাপ্তাহিক বজাৰ । প্ৰতি শনিবাৰ আৰু বুধবাৰে অনুস্থিত হোৱা বজাৰখনত মুখ্যতঃ ছিপাঝাৰ, মংগলদৈ আৰু কলাইগাঁও সমষ্টিৰ হেজাৰ হেজাৰ কৃষক ৰাইজে উৎপাদিত ফচল ক্ৰয়-বিক্ৰয় কৰি আহিছে । পিচে বজাৰখনত সম্প্ৰতি বোকা পানীৰে কদৰ্যময় হৈ পৰিছে । বজাৰ কৰ্তৃপক্ষই কেৱল বছৰে বছৰে লিজৰ ধন সংগ্ৰহ কৰিয়েই দায়িত্ব শেষ কৰাত এনেদৰে কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে । এই কদৰ্যময় পৰিবেশৰ বাবে বজাৰখনলৈ অহা সাধাৰণ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে ৷ স্থানীয় ৰাইজে এই দেওমৰনৈ সাপ্তাহিক বজাৰখনৰ কদৰ্যময় পৰিবেশ অতিশীঘ্ৰে নিৰ্মুল কৰিবলৈ স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়ালৈ আহ্বান জনাইছে ৷