দৰং,২১ আগষ্ট :তালিবানে (Taliban) আফগানিস্তান দখল কৰাৰ ঘটনাই সম্প্ৰতি ব্যাপক চৰ্চা লাভ কৰিছে । সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । তাৰ মাজতে বিভিন্ন দেশে তেওঁলোকৰ নাগৰিকসকলক উদ্ধাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে ।
ইফালে তালিবানৰ এনে কাৰ্যক বিশ্বজুৰি গৰিহণা দিছে সংস্থাসমূহে । সমগ্ৰ বিশ্বতে তালিবানৰ বিৰুদ্ধে ব্যাপক প্ৰতিক্ৰিয়া হৈ থকাৰ মাজতে অসমত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । এইবাৰ তালিবানক সমৰ্থন কৰিছে অসমৰ কেইবাজনো লোকে ।
সামাজিক মাধ্যমত তালিবানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছে লোক কেইজন । সেইসকলৰ ভিতৰত দৰং জিলাৰ পৰা গ্ৰেপ্তাৰ হৈছে মৌলানা ফজলুল কাছিমি নামৰ এজন লোক । কাছিমিয়ে সামাজিক মাধ্যম যোগে তালিবানৰ বিষয়সমূহ প্ৰচাৰ কৰাৰ লগতে তালিবানক সমৰ্থন কৰাৰ অভিযোগ উত্থাপন হৈছে ।
তালিবানক সমৰ্থন কৰি দৰঙত গ্ৰেপ্তাৰ আন এজন জমিয়টত অসমৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদকৰ লগতে এ আই ইউ ডি এফৰ (AIUDF) সম্পাদকৰ দায়িত্বত আছিল মৌলানা ফজলুল কাছিমি । মঙলদৈ আৰক্ষীয়ে (Mangaldai Police) সম্প্ৰতি সোধা-পোছা অব্যাহত ৰাখিছে কাছিমিক । লগতে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে লোকজনৰ বিৰুদ্ধে ।
ইফালে অসমৰ বিভিন্ন জিলাৰ পৰা মুঠ ১৪ গৰাকী লোকক একে অপৰাধত গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে । লোকসকল কামৰূপ, বৰপেটা, কৰিমগঞ্জ, দৰং, কাছাৰ, হাইলাকান্দি, দক্ষিণ শালমাৰা,গোৱালপাৰা আৰু হোজাই জিলাৰ বুলি জানিব পৰা গৈছে । ইতিমধ্যে অসম আৰক্ষীয়ে এই ক্ষেত্ৰত সষ্টম হৈ থকা দেখা গৈছে । জানিব পৰা মতে তালিবানক সমৰ্থন কৰা আটাইকেইজনকে গ্ৰেপ্তাৰ কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক :নগাঁৱৰ কন্দলীত বন্য হস্তীৰ উপদ্ৰৱ