দৰং ,6 মে’:কৰ’ণাৰ সংক্ৰমণে ক্ৰমাৎ দুৰাৱস্থালৈ ঠেলি দিছে ৰাজ্যৰ পৰিস্থিতি ৷ চৰকাৰে সঘনাই সলনি কৰিছে ক’ভিডৰ নীতি-নিৰ্দেশনা ৷ এই ভাইৰাছৰ ভয়াৱহতাৰ মাজতে দৰঙৰ মঙলদৈস্থিত হস্ততাঁত শিল্প বিভাগে বিতৰণ কৰিছে তাঁতশাল ৷
জিলাখনৰ ভিন্ন স্থানৰ পৰা তাঁতশাল নিবলৈ সমবেত হৈছে শতাধিক ৰাইজ ৷ কিন্তু তেওঁলোকে মানি চলা নাই কোনো ক’ভিড প্ৰট’কল ৷ যি সময়ত মাত্ৰ 50 শতাংশ কৰ্মচাৰীৰ উপস্থিতি নিৰ্ধাৰণ কৰি কাৰ্যালয়সমূহত হ্ৰাস কৰা হৈছে ভিৰ, তেনে সময়তে বিভাগীয় বৰমূৰীয়াই লৈছে এই অদূৰদৰ্শীতা আৰু হঠকাৰী সিদ্ধান্ত ৷