অসম

assam

ETV Bharat / state

দৰঙৰ স্বচ্ছ আৰু আদৰ্শ গাঁও হালধাত ন-খোৱা উৎসৱ উদযাপন - দৰঙৰ স্বচ্ছ আৰু আদৰ্শ গাঁৱ

ন-খোৱা উৎসৱৰ লগত সংগতি ৰাখি বৰনদী প্ৰগতি সংঘ, পুথিভঁৰাল প্ৰাংগণত আয়োজন কৰা হয় প্ৰেৰণাত্মক বক্তূতা অনুষ্ঠান ৷ এই বক্তৃতা অনুষ্ঠানত "বিশ্ব শান্তি আৰু মানৱতা অবিহনে দেশ তথা সমাজৰ উন্নয়ন অসম্ভৱ" শীৰ্ষক বক্তৃতা প্ৰদান কৰে আন্তৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰাপক, মানৱ অধিকাৰ কৰ্মী ড° দিব্যজ্যোতি শইকীয়াই ৷ বক্তৃতানুষ্ঠানৰ আঁত ধৰে হালধা স্ব-শাসিত মন্ত্ৰীসভাৰ মুখ্যমন্ত্ৰী ভাস্কৰজ্যোতি নাথে ৷

দৰঙৰ স্বচ্ছ আৰু আদৰ্শ গাঁৱৰ হালধাত ন-খোৱা উৎসৱ উদযাপন
দৰঙৰ স্বচ্ছ আৰু আদৰ্শ গাঁৱৰ হালধাত ন-খোৱা উৎসৱ উদযাপন

By

Published : Dec 13, 2020, 10:35 PM IST

দৰং,13 ডিচেম্বৰঃ এক ব্যতিক্ৰমী প্ৰয়াসেৰে হাল-কোৰ নমৰাকৈ আলু, সৰিয়হৰ লগতে বিভিন্ন কৃষিকাৰ্য সম্পাদনা কৰি হালধাত কৃষি বিপ্লৱৰ সূচনা কৰা স্বচ্ছ আৰু আদৰ্শ গাঁও নিৰ্মাণ অভিযান হালধাৰ উদ্যোগত, বৰনদী প্ৰগতি সংঘ আৰু হালধা আঞ্চলিক মহিলা সমিতিৰ সহযোগত দেওবাৰে দৰঙৰ হালধাত পালন কৰা হয় ন-খোৱা উৎসৱ ৷

এই ন-খোৱা উৎসৱৰ লগত সংগতি ৰাখি বৰনদী প্ৰগতি সংঘ , পুথিভঁৰাল প্ৰাংগণত প্ৰেৰণাত্মক বক্তূতা অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ বক্তৃতা অনুষ্ঠানত "বিশ্ব শান্তি আৰু মানৱতা অবিহনে দেশ তথা সমাজৰ উন্নয়ন অসম্ভৱ" শীৰ্ষক বক্তৃতা প্ৰদান কৰে আন্তৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰাপক, মানৱ অধিকাৰ কৰ্মী ড° দিব্যজ্যোতি শইকীয়াই ৷ বক্তৃতানুষ্ঠানৰ আঁত ধৰে হালধা স্বশাসিত মন্ত্ৰীসভাৰ মুখ্যমন্ত্ৰী ভাস্কৰজ্যোতি নাথে ৷

বক্তৃতা অনুষ্ঠানটোৰ পাচতে পালন কৰা হয় সমূহীয়া ন-খোৱা পৰ্ব ৷ অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰৰ ভূমি বিশেষজ্ঞ মনোজ কুমাৰ চৌহান, গাঁওখনৰ গাঁওবুঢ়া ৰমেশ চৌধুৰী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ধৰ্মেশ্বৰ কলিতা, বৰনদী প্ৰগতি সংঘৰ সভাপতি মদন চন্দ্ৰ নাথ, নৱদীপ সাহিত্য সভাৰ সম্পাদক দণ্ডেশ্বৰ ডেকা, বৰনৈপৰীয়া জ্যেষ্ঠ নাগৰিক মঞ্চৰ উপদেষ্টা সুনন্দ চমুৱা প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়কঃ বি পি এফৰ তিনি মন্ত্ৰী অবিহনে অসম চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন

ABOUT THE AUTHOR

...view details