অসম

assam

ETV Bharat / state

ঘৰে প্ৰতি কৰ্কট ৰোগী থকা দৰঙৰ এখন গাঁও! - DARRANG DISTRICT PATIDARRANG HEAVILY ARSENIC EFFECTED AREA, MORE PEOPLE ARE EFFECTED CANCER

অবিভক্ত দৰঙ জিলাৰ এখন বিশেষ গাঁও ৷ গাঁওখনত নুগুচা হৈছে অপায় অমংগল ৷ একাংশ গাঁওবাসীৰ বিশ্বাস উপাস্য দেৱতা অসন্তুষ্ট হোৱাৰ বাবেই অপায় অমংগলে দেখা দিছে ৷ এই পৰ্যন্ত অচিন ৰোগত আক্ৰান্ত হৈছে কেবা শতাধিক লোক ৷ প্ৰকৃততে এই ঘটনাৰ আঁৰত কি ৰহস্য লুকাই আছে ? এজন দুজন নহয়,দৰঙ জিলাৰ পাতিদৰঙত কৰ্কট সদৃশ ৰোগত আক্ৰান্ত হৈছে 200 ৰো অধিক লোক ৷

ঘৰে প্ৰতি কৰ্কট ৰোগী থকা দৰঙৰ এখন গাঁও

By

Published : Nov 18, 2019, 5:35 PM IST

Updated : Nov 18, 2019, 6:15 PM IST

দৰং,18 নৱেম্বৰঃআৰ্ছেনিকৰ ভয়াৱহতাই গ্ৰাস কৰা এখন গাঁও ৷ এইপৰ্যন্ত 200 ৰো অধিক লোক আক্ৰান্ত হৈছে মাৰাত্মক কৰ্কট ৰোগত ৷ দৰঙৰ বৃহত্তৰ অঞ্চলটোত দেখা দিছে অচিন ৰোগে ৷ আক্ৰান্ত হৈছে ইটোৰ পিচত সিটো পৰিয়ালৰ সদস্য ৷ অঞ্চলটোৰ একাংশ লোকৰ ধাৰণা আৰু অন্ধবিশ্বাসৰ ফলত ভয়ানক ৰূপ লৈছে এই ৰোগে ৷ ক্ৰমান্বয়ে ইজনৰ পিচত সিজন লোক আক্ৰান্ত হৈছে কৰ্কট ৰোগত ৷ একাংশ লোকে এনেধৰণৰ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকৰ পৰিৱৰ্তে বিশ্বাস কৰে গাঁওখনত থকা মন্দিৰৰ পুৰোহিতে দিয়া ঔষধৰ ৷

দৰঙৰ পাতিদৰঙত ভয়ংকৰ ৰূপ লৈছে কৰ্কট ৰোগে
এই সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল জনস্বাস্থ্য কাৰিকৰী বিভাগে চলোৱা এক সমীক্ষাত৷ অঞ্চলটোৰ ভূ গৰ্ভত ধৰা পৰিছিল মানৱ শৰীৰ বাবে বৰবিহ সদৃশ আৰ্ছেনিক ৷ অত্যাধিক আৰ্ছনেকিযুক্ত ভূগৰ্ভৰ জল সেৱন কৰাৰ ফলত অঞ্চলটোৰ বহু লোক আক্ৰান্ত হৈছে কৰ্কট ৰোগত ৷ বিশেষকৈ ৰাজ্যখনৰ বৰপেটা,বাক্সা,বঙাইগাঁও,কাছাৰ,দৰং,ধেমাজি, ধুবুৰী,গোৱালপাৰা,গোলাঘাট,হাইলাকান্দি,যোৰহাট, কামৰূপ, কৰিমগঞ্জ, লখিমপুৰ,মৰিগাঁও,নগাঁও,নলবাৰী,শিৱসাগৰ,শোণিতপুৰ,কোকৰাঝাৰ,মাজুলী আদি জিলা সমূহৰ বিপৰীতে দৰঙৰ পাতিদৰঙত ভয়ংকৰ ৰূপ লৈছে কৰ্কট ৰোগে ৷ আৰ্ছেনিকযুক্ত পানী পৰিশোধন নকৰাকৈ সেৱন কৰাৰ বাবে বহু লোক আক্ৰান্ত হৈছে মাৰাত্মক কৰ্কট ৰোগত ৷ চৰকাৰে ২২৭ টা আৰ্ছেনিকমুক্ত আৰু ৪০ টা ফ্লৰাইডমুক্ত পানীৰ আঁচনি ৰাজ্যৰ বিভিন্ন স্থানত স্থাপন কৰিছে যদিও এতিয়াও আৰ্ছেনিকৰ প্ৰভাৱৰ পৰা মুক্ত কৰিব পৰা নাই ৰাজ্যৰ জনসাধাৰণক ৷ চৰকাৰে আৰ্ছেনিকৰ সমস্যাক গুৰুত্ব দিয়াৰ সলনি কেৱল উৎসৱ পাৰ্বন পাতি থাকোতেই দিন পাৰ হৈছে ৷ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰীৰ ভাৱিবলৈ সময় নাই এইবোৰ বিষয়ত ৷ মন্ত্ৰীত্বৰ দায়িত্ব লৈ নিধিৰাম চৰ্দাৰ হৈ বহি থকাৰ ফল ভুগিব লগা হৈছে সাধাৰণ ৰাইজে৷ আৰ্ছেনিকমুক্ত পানী উপলব্ধ কৰোৱাৰ বাবে চৰকাৰে ১২২ টা আঁচনিত অনুমোদন জনাইছিল যদিও সেয়া এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই ৷ বিপৰীতে দিনে দিনে আৰ্ছেনিক আৰু ফ্লৰাইডযুক্ত পানী সেৱন কৰি মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাব লাগিছে ৷ ধংস হৈছে একো একোখন ঘৰ, পৰিয়াল তথা বৃহত্তৰ অঞ্চল ৷
আৰ্ছেনিকৰ ভয়াৱহতাই গ্ৰাস কৰিছে ৰাজ্যৰ 22 খন জিলাত
অন্ধবিশ্বাস আৰু সচেতনতাৰ অভাৱত দৰঙৰ পাতিদৰঙৰ গাঁওবাসীয়ে বিজ্ঞান সন্মত পদ্ধতিৰে ৰোগৰ চিকিৎসা কৰাৰ বিপৰীতে অদৃষ্টজনৰ ওপৰত সকলো এৰি দিয়াৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগেও অঞ্চলটোত আৰ্ছেনিক সম্বন্ধে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাত সফল হ'ব পৰা নাই ৷ চৰকাৰী তথ্য মতে এই পৰ্যন্ত জিলাখনৰ 338 ঘৰ আৱাসীক গ্ৰাস কৰিছে মাৰাত্মক আৰ্চেনিকে ৷
ঘৰে প্ৰতি কৰ্কট ৰোগী থকা দৰঙৰ এখন গাঁও
নীৰৱ ঘাটকৰ ৰূপত জিলাখনত সংহাৰী ৰূপ লৈছে মাৰাত্মক আৰ্চেনিক ৷ বিপৰীতে এটাও আৰ্চেনিকমুক্ত পানীযোগান আঁচনি সফল ভাৱে ৰূপায়ণ নহ'ল আজিলৈকে ৷ নিধিৰাম চৰ্দাৰ হৈ বহি আছে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰী ৷ এই সম্পৰ্কত ইটিভি ভাৰতৰ ধাৰাবাহিক প্ৰতিবেদন অব্যাহত থাকিব অনাগত দিনত ৷
নীৰৱ ঘাটকৰ ৰূপত মাৰাত্মক আৰ্চেনিক
Last Updated : Nov 18, 2019, 6:15 PM IST

ABOUT THE AUTHOR

...view details