অসম

assam

By

Published : Nov 20, 2019, 10:30 PM IST

ETV Bharat / state

দৰঙত পুনৰ সন্দেহজনক লোকৰ মাটি বেদখল

এইবাৰ দৰঙৰ ৰঙামাটিৰ ১নং ধৰিয়া খাইটি গাঁৱত সন্দেহজনক নাগৰিকৰ বেদখলৰ ঘটনা পোহৰলৈ আহিছে ৷ প্ৰায় ডেৰ শতাধিক লোকে অবৈধভাৱে মাটি বেদখল কৰি ঘৰ বনৱোৰ অভিযোগ উত্থাপন হৈছে ৷

দৰঙত পুনৰ সন্দেহজনক লোকৰ মাটি বেদখল

দৰং,20 নৱেম্বৰঃদৰঙত পুনৰ সংঘটিত হৈছে ভূমি বেদখলৰ ঘটনা ৷ এবিঘা অথবা দুই বিঘা মাটি নহয় কেবাশ বিঘা ভূমি বেদখলৰ ঘটনা পোহৰলৈ আহিছে। এই ঘটনা সংঘটিত হৈছে দৰঙৰ ৰঙামাটিৰ১নং ধৰিয়া খাইটি গাঁৱত।উল্লেখযোগ্য যে দৰঙৰ ৰঙামাটি মৌজাৰ ধৰিয়া খাইটি গাঁৱৰ ৩১ জন যুৱকে এক গোট হৈ বিগত ৮/৯ বছৰ ধৰি সেউজী পথাৰ পৰিচালনা সমিতি নামেৰে এটা NGO গঠন কৰি ২৫০ বিঘা মাটিত কৃষি কাৰ্য চলাই আহিছে । কিন্তু বৰ্তমান সময়ত সেই মাটিত সন্দেহযুক্ত নাগৰিকে নিজ বাসস্থানৰ বাবে ২৫০ বিঘা মাটিৰ ১৫০ বিঘা মাটি নিজৰ দখলত লৈছে। সেউজী পথাৰ পৰিচালনা সমিতিৰ অভিযোগ অনুসৰি প্ৰায় শতাধিক সন্দেহজনক পুৰুষ-মহিলা উভয়ে হাতত অস্ত্ৰ তুলি ৰঙামাটিৰ স্থানীয় সেউজী পথাৰ পৰিচালনা সমিতিৰ সদস্যসকলক আক্ৰমণ কৰি ভূমি দখল কৰে । ইয়াৰ লগে লগেই সেউজী পথাৰ পৰিচালনা সমিতিয়ে মঙলদৈ সদৰ আৰক্ষী থানাত সন্দেহজনক নাগৰিকৰ ভূমি বেদখলৰ ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে ৷

দৰঙত পুনৰ সন্দেহজনক লোকৰ মাটি বেদখল

ABOUT THE AUTHOR

...view details