দৰং, 26 এপ্ৰিল: সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ দৰং জিলাতো ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই ৷ জিলাখনত কৰণাৰ ভয়াৱহৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে জিলা দণ্ডাধীশে গৰাকীয়ে তৎকালীনভাৱে বলবৎ হোৱাকৈ সমগ্ৰ জিলাতে ১৪৪ ধাৰা জাৰি কৰিছে । এই আইন অনুসৰি জিলাখনত সন্ধিয়া ৬ বজাৰ পৰা ৰাতিপুৱা ৭ বজালৈকে বাহাল থাকিব সান্ধ্য আইন ৷
এই সান্ধ্য আইন অনুসৰি জিলা খনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো শোভাযাত্ৰা, ধৰ্ণা কাৰ্যসূচী,পথ অৱৰোধ, উপায়ুক্তৰ কাৰ্যালয়ত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ বা কাৰ্যালয়ৰ ১০০ মিটাৰ ব্যাসাৰ্ধ পৰ্যন্তলৈ কোনো লোকৰ সমাগম হ'ব নোৱাৰিব ৷ জিলাখনলৈ কোনো ধৰণৰ ফেৰী, নাও আৰু ভুটভুটী চলাচল আৰু অত্যাধিক বোজা কঢ়িওৱা বাহনৰ চলাচলতো নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে। সামৰিক পোছাক পৰিধানৰ ক্ষেত্ৰতো এই নিষেধাজ্ঞা প্ৰযোজ্য হ'ব । পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব ।