দৰং,19 মে’:মঙলবাৰে দৰং জিলাত 238 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি ৷ সম্প্ৰতি জিলাখনত কৰ’ণাত আক্ৰান্ত হৈছে 3,650 গৰাকী লোক ৷
আনহাতে চিকিৎসাধীন হৈ আছে 1,717 গৰাকীকৈ ক’ভিড ৰোগী ৷ ইয়াৰ ভিতৰত 179 গৰাকী চিকিৎসালয়ত থকাৰ বিপৰীতে 1,538 গৰাকী হোম কোৱাৰেণ্টাইনত আছে ৷ চিকিৎসালয়ত থকা ক’ভিড আক্ৰান্তসকলৰ ভিতৰত 83 গৰাকী মঙলদৈ অসামৰিক চিকিৎসালয়ত, 38 গৰাকী জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত আৰু 24 গৰাকী কেন্দ্ৰীয় বিদ্যালয়ৰ ক’ভিড কেয়াৰ চেণ্টাৰত ভৰ্তি হৈ আছে ।