দৰং, ১৪ এপ্ৰিল: অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ পহিলা দিনটোত অৰ্থাৎ গৰু বিহুৰ দিনা ৰাজ্যজুৰি দেখিবলৈ পোৱা গ'ল আনন্দ-উচাহ । ক'ভিড-19 সৃষ্ট পৰিৱেশৰ ফলত বিৰাজ কৰা ত্ৰাসৰ মাজতে দৰঙৰ মঙলদৈত নোৱা নৈত গৰুক গা ধুৱাই ৰাইজে গৰু বিহু উদযাপন কৰাৰ দৃশ্য পৰিলক্ষিত হয় ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মঙলদৈতো পৰম্পৰা মানি ৰাইজে গৰু বিহু পালন কৰে ৷
পৰম্পৰা মানি মঙলদৈত গৰু বিহু উদযাপন - মঙলদৈত গৰু বিহু উদযাপন
আজি গৰু বিহু । পৰম্পৰা অনুসৰি মঙলদৈৰ নোৱা নৈপৰীয়া ৰাইজে নৈত হালৰ গৰু হালক গা ধুৱাই উদযাপন কৰিলে গৰু বিহু ৷
![পৰম্পৰা মানি মঙলদৈত গৰু বিহু উদযাপন Darrang bihu](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11397348-thumbnail-3x2-mangaldoi.jpg)
পৰম্পৰা মানি মঙলদৈত গৰু বিহু উদযাপন
মঙলদৈত উলহ-মালহেৰে উদযাপন গৰু বিহু
হালৰ গৰু হাল নোৱা নৈত ধুৱাই ৰাইজে সমজুৱাকৈ গৰু বিহু পালন কৰাৰ লগতে মাহ, হালধিৰে ধুৱাই দীঘলতিৰ পাতেৰে কোবাই গোধনৰ শ্ৰীবৃদ্ধি কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় ৷ নোৱা নৈপৰীয়া ৰাইজৰ লগতে মঙলদৈৰ বিভিন্ন অঞ্চলত গঞা ৰাইজে পৰম্পৰাগতভাৱে গৰু বিহু উদযাপন কৰি গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক: বুঢ়ী দিহিং নৈত গৰু গা ধুৱাবলৈ গৈ সন্ধানহীন দুই যুৱক