আঁহতৰ তলত দৰঙৰ মহিলাৰ জেং বিহু - দৰং জিলা
দৰং জিলাৰ মহিলাসকলে আঁহতৰ তলত এতিয়া ব্যস্ত বিহুৰ আখৰাত ৷
আঁহতৰ তলত দৰংৰ মহিলাৰ জেং বিহু
দৰং, ১৩ এপ্ৰিল: অসমীয়াৰ বাপোতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ এটা দিন । হেঁপাহৰ ৰঙালী বিহুৰ বাবে সাজু এতিয়া সমগ্ৰ অসমবাসী । আঁহতৰ তলত ঢুলীয়া-নাচনিৰ সমান্তৰালকৈ বোৱাৰীসকলেও জুৰিছে বিহু । অন্য প্ৰান্তৰ দৰে দৰং জিলাতো দেখা গৈছে বিহুক আদৰাৰ বাবে পূৰ্ণ-প্ৰস্তুতি । দৰং জিলাৰ ছিপাঝাৰৰ জলজলী ঝাৰগাওঁ অঞ্চলৰ বহুকেইখন গাঁৱৰ মহিলাই আখৰা সম্পূৰ্ণ কৰি আঁহতৰ তলত পৰিৱেশন কৰে জেং বিহু ।