দিপীলা, ১৭মাৰ্চঃ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত এতিয়াও ৰাজ্যত অসম্পুৰ্ণ হৈ পৰি ৰৈছে বহুসংখ্যক পথ ৷ দৰঙৰ দিপীলাৰ এটি গুৰুত্বপূৰ্ণ পথ আজি প্ৰায় দুবছৰে অনাদৃত হৈ পৰি ৰোৱা কথাই প্ৰমাণ কৰিছে এই কথা ৷
দৰঙত পথ নিৰ্মাণৰ নামত মধ্যভোগীৰ লুন্ঠন - এমজিএনৰেগা
বিগত দুবছৰে অনাদৃত হৈ পৰি ৰৈছে দৰঙৰ দিপীলাৰ এম পি কে পথৰ পৰা ধোপৰতল সংযোগী পথছোৱা
ছিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত সৰাবাৰী গাঁও পঞ্চায়তৰ অধীনস্থ দিপীলা গাঁওৰ এম পি কে পথৰ পৰা ধোপৰতল সংযোগী এইটো হৈছে এক গুৰুত্বপূৰ্ণ পথ ৷ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ২০১৭ চনৰ ৮ ডিচেম্বৰ তাৰিখে পথটোৰ আধাৰশীলা স্থাপন কৰিছিল । এম জি এনৰেগা আঁচনিৰ অধীনত প্ৰায় ৩৬ লাখ ৪২ হাজাৰ টকাৰে নিৰ্মাণ হ'বলগীয়া পথটোত কিন্তু আজিলৈকে কোনো কামেই নকৰিলে । প্ৰায় ১ কিলোমিটাৰ অংশৰ পথটো পকীকৰণৰ বাবে আৱন্টন দিয়া সিংঙভাগ ধনেই ঠিকাদাৰে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।
বিজেপি বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ ঘনিষ্ঠ ঠিকাদাৰ ৰূপী কেইজনমান যুৱকে ছিপাঝাৰ উন্নয়ন খণ্ডৰ বিষয়া তথা অভিযন্তাৰে মিলি আঁচনিৰ নামত আৱন্টন হোৱা ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিন কৰিছে স্থানীয় ৰাইজে । সৰাবাৰী গাঁও পঞ্চায়তৰ অধীনস্থ এই পথছোৱাৰ নিৰ্মাণৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে জিলা উপায়ুক্তক শীঘ্ৰেই তদন্ত কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।