অসম

assam

ETV Bharat / state

দৰঙৰ ধূলিত ৰোমাঞ্চকৰ নাও খেল প্ৰতিযোগিতা - দৰ্শক

দৰ্শকৰ হৰ্ষোল্লাসৰ মাজত ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতেৰে আগবাঢ়িছে ইখনৰ পিছত সিখন নাও। দৰঙৰ ধূলাৰ শনিৰ চৰত গ্ৰাম্য জীৱনৰ জনপ্ৰিয় নাও খেল প্ৰতিযোগিতাৰ আয়োজন। ২ দিনীয়া কাৰ্যসূচীৰে আয়োজিত নাও খেলত ১৪টা দলৰ অংশগ্ৰহণ।

দৰঙৰ ধূলিত নাও খেল প্ৰতিযোগিতা
দৰঙৰ ধূলিত নাও খেল প্ৰতিযোগিতা

By

Published : Oct 22, 2020, 5:00 PM IST

দলগাঁও, ২২ অক্টোবৰ: বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যেৰে দৰঙৰ ধূলাৰ শনিৰ চৰত অনুষ্ঠিত হৈছে নাও খেল প্ৰতিযোগিতা। ২ নং মাগুৰমাৰী বজাৰ সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে এই প্ৰতিযোগিতা আয়োজন কৰা হৈছে।

দৰঙৰ ধূলিত নাও খেল প্ৰতিযোগিতা

দৰং আৰু মৰিগাঁও জিলাৰ সীমাত ব্ৰহ্মপুত্ৰ নদীৰ শনিৰ চৰত অনুষ্ঠিত নাও খেলত অংশগ্ৰহণ কৰে ১৪টা দলে। ৰোমাঞ্চকৰ নাও খেল প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে খৰিকাটা গাঁৱৰ মাহা আলীৰ দলে।

দৰঙৰ ধূলিত নাও খেল প্ৰতিযোগিতা

প্ৰথম স্থান লাভ কৰা দলক গ্লেমাৰ বাইক আৰু দ্বিতীয় স্থান লাভ কৰা দলক CT100 বাইকেৰে পুৰস্কৃত কৰে। নাও খেলখন উপভোগ কৰাৰ বাবে দৰং আৰু মৰিগাঁও জিলাৰ প্ৰায় ৩০ হাজাৰো অধিক দৰ্শকে শনিৰ চৰত ভিৰ কৰে। হাত তালি আৰু হৰ্ষোল্লাসেৰে খেলুৱৈসকলক দৰ্শকে উত্সাহিত কৰে।


লগতে পঢ়ক:৬ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কুমাৰ সঞ্জিত কৃষ্ণক

ABOUT THE AUTHOR

...view details