অসম

assam

ETV Bharat / state

আৰ্ছেনিকৰ কৰাল গ্ৰাসত দৰঙৰ পাতি দৰঙ - দৰঙৰ পাটিদৰঙত আৰ্চেনিকৰ ভয়াৱহতা

এফালে আৰ্ছেনিকৰ কবলত জৰ্জৰিত সমগ্ৰ ৰাজ্য আনফালে কোটি কোটি টকা পানীত পেলাই উৎসৱ-পাৰ্বণত ব্যস্ত শাসনাধিষ্ঠিত চৰকাৰ ৷ উৎসৱৰ নামত চৰকাৰে অতদিনে ব্যয় কৰি অহা অৰ্থৰে সম্পূৰ্ণ হয় ৰাজ্যখনৰ কেবাখনো পানী যোগান আঁচনি কিন্তু নিধিৰাম চৰ্দাৰ হৈ বহি আছে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰীৰ লগতে অন্য জনপ্ৰতিনিধিসকল ৷

ই টিভি ভাৰতৰ পুনৰ আৰ্চেনিক প্ৰতিবেদন
ই টিভি ভাৰতৰ আৰ্চেনিক প্ৰতিবেদন

By

Published : Nov 29, 2019, 11:35 PM IST

Updated : Nov 29, 2019, 11:55 PM IST

দৰং,29 নৱেম্বৰ:ৰাজ্যৰ ৬,৮৮১ টা এলেকাৰ ভূ-গৰ্ভৰ পানীত নীৰৱে আৰ্ছেনিকে খোপনি পোতাৰ কথা পোহৰলৈ অহাৰ পিচতো নীৰৱ প্ৰশাসন ৷ প্ৰশাসনৰ নীৰৱ ভূমিকাৰ লাভা লাভ উঠাই ইতিমধ্যে আৰ্ছেনিকে শোষণ কৰিছে ৰাজ্যৰ বহু কেইটা অঞ্চল ৷ আৰ্ছেনিকৰ কৰাল গ্ৰাসত প্ৰতিদিনে মৃত্যু হৈছে ইখনৰ পিছত আনখন গাঁৱৰ লোক ৷ পাটি দৰঙৰ পিচত এইবাৰ সমুখলৈ আহিছে অবিভক্ত দৰঙ জিলাৰ দেওমৰনৈস্থিত অন্য এখন গাঁও কৈকাৰা গাঁও ৷ ক্ৰমাৎ ভূ-গৰ্ভক গ্ৰাস কৰি অহা ছিক্ৰেট কিলাৰ আৰ্ছেনিক নাশ কৰাৰ ক্ষেত্ৰত সামৰ্থহীন পূৰ্বৰ বা বৰ্তমানৰ চৰকাৰ ৷ 227 টা আৰ্ছেনিকমুক্ত আৰু ৪০ টা ফ্লৰাইডমুক্ত পানীৰ আঁচনি ৰাজ্যৰ বিভিন্ন স্থানত স্থাপন কৰিছে যদিও এতিয়াও আৰ্ছেনিকৰ প্ৰভাৱৰ পৰা মুক্ত কৰিব পৰা নাই ৰাজ্যৰ জনসাধাৰণক ৷ কাৰণ আজিলৈ সম্পূৰ্ণ হৈ উঠা নাই 227 টা পানী যোগান আঁচনিৰ এটাও পানী যোগান আঁচনি ৷

আৰ্চেনিক প্ৰতিবেদন

লগতে চাওঁক: ঘৰে প্ৰতি কৰ্কট ৰোগী থকা দৰঙৰ এখন গাঁও!

আনহাতে ২০০৫ চনতে জনস্বাস্থ্য কাৰিকৰী বিভাগে চলোৱা সমীক্ষাত ধৰা পৰিছিল দৰং জিলাৰ সমগ্ৰ দেওমৰণৈ অঞ্চলটোত বিয়পি পৰিছে বৰবিহ সদৃশ আৰ্ছেনিক ৷ কিন্তু এই তথ্যক অমান্তি কৰি আহিছে খোদ বিভাগীয় মূখ্য কাৰ্যবাহী অভিযন্তাই ৷ জিলাখনৰ মূল সমস্যাৰ বিষয়ে অজ্ঞাত এনে কৰ্মচাৰীসকলৰ দায়িত্বহীনতাৰ বাবেই ক্ৰমাৎ বিপদগামী হৈছে দৰঙৰ দৰে এখন জিলা ৷ এফালে আৰ্ছেনিকৰ কবলত জৰ্জৰিত সমগ্ৰ ৰাজ্য আনফালে কোটি কোটি টকা পানীত পেলাই উৎসৱ-পাৰ্বণত ব্যস্ত শাসনাধিষ্ঠিত চৰকাৰ ৷

উৎসৱৰ নামত চৰকাৰে অতদিনে ব্যয় কৰি অহা অৰ্থৰে সম্পূৰ্ণ হয় ৰাজ্যখনৰ কেবাখনো পানী যোগান আঁচনি কিন্তু নিধিৰাম চৰ্দাৰ হৈ বহি আছে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰীৰ লগতে অন্য জনপ্ৰতিনিধিসকল ৷ বিগত বহু বছৰে জনপ্ৰতিনিধিসকলৰ দায়িত্বহীনতাৰ ফল ভোগ কৰি আহিছে সাধাৰণ ৰাইজে ৷ আৰ্চেনিক সন্দৰ্ভত লাভ কৰা বিভিন্ন তথ্য অথবা ইতিমধ্যে প্ৰকাশিত বিভিন্ন বাতৰি,প্ৰবন্ধয়ো জ্ঞান দিব পৰা নাই জনপ্ৰতিনিধিসকলক কিন্তু এই ক্ষেত্ৰত ইটিভি ভাৰতৰ ধাৰাবাহিক প্ৰতিবেদন অব্যাহত থাকিব অনাগত দিনলৈ ....

Last Updated : Nov 29, 2019, 11:55 PM IST

ABOUT THE AUTHOR

...view details