দৰঙ,8জুলাইঃকোভিড-১৯ৰ ব্যাপক গণসংক্ৰমণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাত ৰাজ্য চৰকাৰে সম্পূৰ্ণ "লক ডাউন" দিয়া হৈছে ৷ কোনো কাৰণতে কামৰূপ মহানগৰ জিলাৰ দৰে কোভিড-১৯ৰ সংক্ৰমণে যাতে দৰং জিলাবাসীক ব্যাপক হাৰত আক্ৰান্ত কৰিব নোৱাৰে তাৰবাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷ জিলাৰখনৰ জনসাধাৰণৰ স্বাস্থ্য তথা সুৰক্ষাৰ নিশ্চয়তাৰ বাবে জিলা দুখনৰ মাজত জনসাধাৰণৰ আহ-যাহ তৎকালীন ভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিছে দৰং জিলা দণ্ডাধীশ দিলীপ কুমাৰ বৰাই ।
দৰং-কামৰূপৰ মাজত বন্ধ কৰা হ'ল জনসাধাৰণৰ আহ-যাহ - কোভিড-১৯ ৰ ব্যাপক গণসংক্ৰমণ
দৰঙৰ জনসাধাৰণৰ স্বাস্থ্য তথা সুৰক্ষাৰ নিশ্চয়তাৰ বাবে কামৰূপ আৰু দৰঙৰ মাজত জনসাধাৰণৰ আহ-যাহ তৎকালীন ভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিছে দৰং জিলা দণ্ডাধীশ দিলীপ কুমাৰ বৰাই ।
দৰং-কামৰূপৰ মাজত বন্ধ কৰা হ'ল জনসাধাৰণৰ আহ-যাহ
আনহাতে চৰকাৰী কাম-কাজ চলাওতে যাতে এইক্ষেত্ৰত কোনোধৰণৰ স্থবিৰতাৰ সন্মুখীন নহয় তাৰবাবে জিলাখনৰ সকলো বিভাগৰ মূৰব্বী তথা বিষয়া- কৰ্মচাৰীসকলক মুখ্য কাৰ্যালয়ত থকাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে দণ্ডাধীশগৰাকীয়ে । কোনো লোকে এই নিৰ্দেশৰ অৱমাননা কৰিলে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
লগতে পঢ়কঃ কোভিড চিকিৎসাৰ বাবে সাজু গুৱাহাটীৰ ব্যক্তিগত হাস্পতাল