দৰং,11 জানুৱাৰী: দৰঙৰ ঐতিহাসিক ধলপুৰ শিৱমন্দিৰৰ 180 বিঘা ভূমিত দৰং প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ দীৰ্ঘদিনৰ পৰা কিছু সন্দেহযুক্ত নাগৰিকে বেদখল কৰি অহা দেখি স্থানীয় দল-সংগঠনে প্ৰশাসনৰ ওচৰত উচ্ছেদ কৰাৰ বাবে দাবী জনাই অহাৰ পাচতে সোমবাৰে উচ্ছেদ চলাই দৰং প্ৰশাসনে ৷ মন্দিৰটোৰ 180 বিঘা ভূমিত বেদখলকাৰীয়ে দীৰ্ঘদিনে ঘৰবাৰী সাজি খেতি কৰি আছিল ৷
দৰঙৰ ঐতিহাসিক ধলপুৰ শিৱমন্দিৰত উচ্ছেদ - ধলপুৰ শিৱমন্দিৰৰ ১৮০ বিঘা ভূমিট
দৰঙৰ ঐতিহাসিক ধলপুৰ শিৱমন্দিৰৰ 180 বিঘা ভূমিত কিছু সন্দেহযুক্ত নাগৰিকে বেদখল কৰি অহাৰ পাচতে স্থানীয় দল-সংগঠনে উচ্ছেদ কৰাৰ বাবে প্ৰশাসনৰ ওচৰত দাবী জনাই আহিছিল ৷ সোমবাৰে দৰং প্ৰশাসনে শিৱমন্দিৰৰ ১৮০ বিঘা ভূমিত উচ্ছেদ অভিযান চলাই বেদখলমুক্ত কৰে ৷
![দৰঙৰ ঐতিহাসিক ধলপুৰ শিৱমন্দিৰত উচ্ছেদ ঐতিহাসিক ধলপুৰ শিৱমন্দিৰৰ ভূমিত দৰং প্ৰশাসনৰ উচ্ছেদ অভিযান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10200002-thumbnail-3x2-bdhb.jpg)
ঐতিহাসিক ধলপুৰ শিৱমন্দিৰৰ ভূমিত দৰং প্ৰশাসনৰ উচ্ছেদ অভিযান
ঐতিহাসিক ধলপুৰ শিৱমন্দিৰৰ ভূমিত দৰং প্ৰশাসনৰ উচ্ছেদ অভিযান
উল্লেখ্য যে,ইয়াৰ আগতেও ধলপুৰৰ একে স্থানতে 2018 চনত প্ৰশাসনে উচ্ছেদ চলাই বেদখলমুক্ত কৰিছিল যদিও পুনৰ 180 বিঘা মাটিত সন্দেহযুক্ত নাগৰিকে বেদখল কৰে ৷ দল-সংগঠনৰ হেঁচাৰ পাচতে প্ৰশাসনে তাৎক্ষণিকভাবে 180 বিঘা বেদখল ভূমিত উচ্ছেদ চলাই যদিও অঞ্চলটোৰ প্ৰায় 400 বিঘা মাটি এতিয়াও বেদখল হৈ আছে ৷
লগতে পঢ়ক:আকাশলংঘী মূল্যবৃদ্ধি স্বত্বেও ভোগালীৰ বজাৰত গ্ৰাহকৰ ভিৰ
Last Updated : Jan 11, 2021, 10:53 PM IST