অসম

assam

দৰঙত জোঁৰ সমদল কৰি প্ৰতিবাদ আছুৰ

By

Published : Jan 22, 2021, 10:00 PM IST

'কা' বাতিল, ইআইএ ২০২০ প্ৰত্যাহাৰ, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু অসম চুক্তি অনুসৰি বিদেশী নাগৰিকত্ব সমস্যা সমাধানৰ দাবীত আছুৰ প্ৰতিবাদ ৷ ৰাজ্যৰ অন্যান্য স্থানৰ লগতে মঙলদৈ চহৰত জোঁৰ সমদল উলিয়াই দৰং জিলা ছাত্ৰ সন্থাইও সাব্যস্ত কৰে প্ৰতিবাদ ।‌

darrang-aasu-protest
দৰঙত জোঁৰ সমদল কৰি প্ৰতিবাদ আছুৰ

দৰং, 22 জানুৱাৰী : 'কা' বাতিল, ইআইএ ২০২০ প্ৰত্যাহাৰ, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু অসম চুক্তি অনুসৰি বিদেশী নাগৰিকত্ব সমস্যা সমাধানৰ দাবীত সদৌ দৰং জিলা ছাত্ৰ সন্থাই শুকুৰবাৰে সন্ধিয়া মঙলদৈ চহৰত জোঁৰ সমদল উলিয়াই সাব্যস্ত কৰে প্ৰতিবাদ ।‌

দৰঙত জোঁৰ সমদল কৰি প্ৰতিবাদ আছুৰ

দৰং জিলা আছুৰ শ্বহীদ ভৱনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ বিত্তীয় সম্পাদক খনিন্দ্ৰ ৰাজবংশী, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়া, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকাৰ নেতৃত্বত শতাধিক ছাত্ৰ কৰ্মীয়ে বাহিৰ কৰে এই সমদল ৷

আছুৰ চৰকাৰ বিৰোধী শ্লোগানেৰে উলিওৱা জোঁৰ সমদলটো আধা বাটতে আৰক্ষীয়ে বাধা দিয়ে ৷ আৰক্ষীয়ে সমদলকাৰীক বাধা দি সমদলত অংশগ্ৰহণ কৰা সকলো প্ৰতিবাদকাৰীক আটক কৰি মঙলদৈ আৰক্ষী থানা লৈ যায় ।

লগতে পঢ়ক: নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়-সূচী সলনি

ABOUT THE AUTHOR

...view details