অসম

assam

ETV Bharat / state

মঙলদৈত "৮৩" ৰ শ্বহীদ স্মৃতি উদ্যানৰ আধাৰশিলা স্থাপন - "৮৩" শ্বহীদ স্মৃতি উদ্যান

মঙলদৈত স্থাপন হ'ল "৮৩" শ্বহীদ স্মৃতি উদ্যান। 1983 চনৰ অসম আন্দোলনত শ্বহীদ হোৱা বীৰ শ্বহীদ সকলৰ স্মৃতিত স্থাপন কৰা হয় শ্বহীদ স্মৃতি উদ্যান ।

মঙলদৈত "৮৩" ৰ শ্বহীদ স্মৃতি উদ্যানৰ আধাৰশিলা স্থাপন

By

Published : Sep 4, 2019, 9:57 PM IST

দৰং, 4 ছেপ্টেম্বৰঃবুধবাৰে মঙলদৈত "৮৩" শ্বহীদ স্মৃতি উদ্যানৰ আধাৰশিলা স্থাপন কৰা হয় । ১৯৮৩ চনৰ অসম আন্দোলনৰ বীৰ শ্বহীদ সকলৰ বাবেই আৰম্ভ কৰা হয় এই শ্বহীদ স্মৃতি উদ্যানৰ । "৮৩" সেই সন্ধিয়া একেলগে জ্বলি উঠিছিল ১৩ খন কৈ চিতা। পুনৰ ৩৫ বছৰৰ পিছত মঙলদৈ শ্বহীদ উদ্যানত এই শ্বহীদ স্মৃতি উদ্যানৰ আধাৰ শিলা স্থাপন কৰা হয় । অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ কুমাৰ নাথ উপস্থিত থাকি আধাৰ শিলা স্থাপনৰ শুভাৰম্ভণি কৰে। লগতে বীৰ শ্বহীদ পৰিয়ালক সম্বৰ্ধনাও জনায় এই অনুষ্ঠানত৷

মঙলদৈত "৮৩" ৰ শ্বহীদ স্মৃতি উদ্যানৰ আধাৰশিলা স্থাপন

অনুষ্ঠানত এন আৰ চিৰ বিসংগতিক লৈ সম্পূৰ্ণ অসন্তুষ্ট বুলি মত প্ৰকাশ কৰে ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে । এই ক্ষেত্ৰত মহামান্য উচ্চতম ন্যায়ালয়ক পুনৰ আবেদন জনাব বুলিও উল্লেখ কৰি এই বিসংগতিৰ বাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ জগৰীয়া বুলিও উল্লেখ কৰে ।

ABOUT THE AUTHOR

...view details