মঙ্গলদৈ, ১৯ মেঃ মঙলদৈ চহৰ অঞ্চলৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, ক্ষুদ্ৰ ব্যৱসায়ীয়ে মানিব লাগিব চৰকাৰী নীতি নিৰ্দেশনা । প্ৰতিখন দোকানৰ সন্মুখত হাত ধোৱাৰ বাবে চাবোন পানী ৰখাৰ লগতে চেনিটাইজাৰ ৰাখিব লাগিব। সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হব-- এইদৰে কয় দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই। মঙ্গলদৈ চহৰৰ একাংশ লোকে ঈদৰ বজাৰৰ নামত জধে মধে বজাৰলৈ ওলাই অহা আৰু কোনো ধৰণৰ লকডাউনৰ নামনাৰ অভিযোগ উঠাৰ পিছতে নৱ নিযুক্ত উপায়ুক্ত গৰাকীয়ে আজি হঠাৎ বজাৰখন পৰিদৰ্শন কৰি একাংশ ব্যৱসায়ী আৰু গ্ৰাহকক কঠোৰ সকীয়নী প্ৰদান কৰে। পৰিদৰ্শন কালত তেখেতে দোকান সন্মূখৰ সমূহত হাত ধোৱা পানী আছে নে নাই, চেনিটাইজাৰৰ ব্যৱস্থা আছে নে নাই আৰু সামাজিক দূৰত্ব কেনেকৈ বৰ্তাই ৰাখিছে সেয়া নিৰিক্ষণ কৰে। তেওঁ এই সমূহ ব্যৱস্থা ৰাখিবলৈ কঠোৰ নিৰ্দেশ দিয়ে। আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ সৈতে পৰিদৰ্শন কালত বিনা কাৰণত একাংশ লোকে বজাৰলৈ ওলাই অহাত সেই সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে।
আনহাতে ভাৰতীয় ষ্টেট বেংকৰ মঙ্গলদৈ শাখাৰ সন্মুখত শ শ লোকে ভীৰ কৰা প্ৰত্যক্ষ কৰি উপায়ুক্ত গৰাকী আচম্বিত হৈ পৰে। চৰকাৰী কঠোৰ নিৰ্দেশনাৰ পিছতো একাংশ ষাঠিৰ উধ্ধৰ লোক আৰু শিশু অভিভাৱকৰ সৈতে বেংকলৈ অহাত তেওঁলোকৰ সৈতে মত বিনিময় কৰি ঘৰলৈ উভতি যাবলৈ নিৰ্দেশ দিয়ে। বান্দিয়া গাওঁৰ লটিফা বেগমে ৬ মহীয়া কেচুৱা লৈ বেংকত শাৰী পাতি থকাত আৰক্ষীৰ বাহনৰে ঘৰলৈ পঠিয়াই দিয়ে উপায়ুক্ত গৰাকীয়ে। সেইদৰে ৰেহেনা বেগম নামৰ বাঘপৰিৰ আন এগৰাকী মহিলায়ো ডেৰ বছৰীয়া শিশু কোচত লৈ বজাৰ কৰি থকা প্ৰত্যক্ষ কৰি উপায়ুক্তই তেওঁকো আৰক্ষীৰ বাহনেৰে ঘৰলৈ পঠিয়াই দিয়ে। মঙ্গলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাই শিশু সহ দুয়োগৰাকী মাতৃকে স্বগৃহত থৈ আহে।