দৰং,1 জুলাই: ৰাজ্যত অব্যাহত থকা কভিড আতংকৰ মাজতে ব্যতিক্ৰমী ৰূপ প্ৰদৰ্শন কৰি চৰ্চালৈ আহিছে দৰং জিলাৰ জিলা পৰিবহণ বিষয়া সঞ্জীৱ কৃষ্ণ ৷ বুধবাৰে ৰাজপথত কেৰেটিয়ানৰ ৰূপত আৱিৰ্ভৱ হ'ল পৰিবহণ বিষয়াগৰাকী ৷ কিন্তু সুস্থ অৱস্থাত নহয়, সুৰাৰ ৰাগীত মাতালহৈহে ৰাজপথৰ মাজতে এই ৰূপ ধাৰণ কৰিলে বিষয়া গৰাকীয়ে ৷ সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰাৰ পাছতে বিষয়া গৰাকীক অতি শীঘ্ৰে নিলম্বন কৰাৰ দাবী জনাইছে দৰঙৰ বিভিন্ন দল সংগঠনে ৷
প্ৰাপ্ত খবৰ অনুসৰি, কৰ্তব্যৰত অৱস্থাতে সুৰাৰ ৰাগীত মাতাল হৈ ৰাজপথৰ মাজতে উদ্ভট আচৰণ কৰিলে বিষয়া গৰাকীয়ে ৷ বিষয়া গৰাকীয়ে প্ৰদৰ্শন কৰা আচৰণৰ সমগ্ৰ দৃশ্য বন্দী হল ম'বাইল কেমেৰাত ৷ আনকি বিষয়া গৰাকীয়ে চৰকাৰী বাহনৰ ভিতৰতে দিন দুপৰতে সুৰাপান কৰাৰ দৃশ্যও বন্দী হ'ল মবাইল কেমেৰাত ৷ বৰ্তমান সামাজিক মাধ্যমত বিয়পি পৰিছে বিষয়া গৰাকীৰ লাজ লগা কাণ্ড ৷