অসম

assam

ETV Bharat / state

মঙলদৈত উপস্থিত দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী - দৰং জিলা উপায়ুক্ত

দৰং জিলা উপায়ুক্ত প্ৰভাতী থাওচেনে আদৰণী জনোৱা সভাখনত দৰং জিলাৰ ক’ভিড পৰিস্থিতিৰ বিষয়ে চন্দ্ৰমোহন পাটোৱাৰীয়ে বিতংভাৱে পৰ্যালোচনা কৰে । একেদৰে জিলাখনে বানপানীৰ সৈতে মোকাবিলা কৰিব পৰাকৈ জিলা প্ৰশাসনে কি ব্যৱস্থা লৈছে, মথাউৰিসমূহ কি অৱস্থাত আছে এই বিষয়েও আলোচনাত মিলিত হয় মন্ত্ৰী গৰাকী ।

মঙলদৈত উপস্থিত দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী
মঙলদৈত উপস্থিত দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

By

Published : Jun 1, 2021, 9:04 PM IST

দৰং, 1 জুন : মঙলবাৰে দৰং জিলাৰ অভিভাৱক মন্ত্ৰীৰ দ্বায়িত্ব লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে জিলাখনৰ সদৰ মঙলদৈত উপস্থিত হৈ জিলা উপায়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

উল্লেখযোগ্য যে, মন্ত্ৰী পাটোৱাৰীৰ সভাপতিত্বত অনুস্থিত সভাখনত মঙলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়া, জিলাখনৰ চাৰিটা সমষ্টিৰ বিধায়ক ক্ৰমে চিপাঝাৰৰ ড৹ পৰমানন্দ ৰাজবংশী, মঙলদৈৰ বসন্ত দাস, কলাইগাঁৱৰ দূৰ্গাদাস বড়ো আৰু দলগাঁৱৰ সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানৰ লগতে বিভিন্ন বিভাগৰ বিষয়া সকল উপস্থিত থাকে ।

মঙলদৈত উপস্থিত দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

ইপিনে জিলা উপায়ুক্ত প্ৰভাতী থাওচেনে আদৰণী জনোৱা সভাখনত দৰং জিলাৰ ক’ভিড পৰিস্থিতিৰ বিষয়ে চন্দ্ৰমোহন পাটোৱাৰীয়ে বিতংভাৱে পৰ্যালোচনা কৰে । একেদৰে জিলাখনে বানপানীৰ সৈতে মোকাবিলা কৰিব পৰাকৈ জিলা প্ৰশাসনে কি ব্যৱস্থা লৈছে, মথাউৰিসমূহ কি অৱস্থাত আছে এই বিষয়েও আলোচনাত মিলিত হয় মন্ত্ৰী গৰাকী ।

মঙলদৈত উপস্থিত দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

আনহাতে, উক্ত সভাখনত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে আন আন বিভাগসমূহৰ নিৰ্মীয়মান কাম সমূহৰ খতিয়ান লোৱা দেখা যায় । মনকৰিবলগীয়া যে, এইবেলি দৰং জিলাক উন্নয়ন কৰাৰ ক্ষেত্ৰত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বধীন চৰকাৰখনে বিশেষ গুৰুত্ব প্ৰদান কৰাৰ কথা সদৰি কৰে ৰাজ্য চৰকাৰৰ উদ্যোগিক তথা পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৷

লগতে পঢ়ক:গুৱাহাটীৰ অলিয়ে-গলিয়ে বৰবিহ ড্ৰাগছৰ বেহা

ABOUT THE AUTHOR

...view details