অসম

assam

By

Published : Mar 31, 2021, 6:44 PM IST

ETV Bharat / state

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দৰঙ জিলা প্ৰশাসন

দৰং জিলাৰ চাৰিটা বিধানসভা সমষ্টিত এই বেলি অনুষ্ঠিত হ’ব ভোট গ্ৰহণ । চাৰিটা বিধান সভা ক্ৰমে ছিপাঝাৰ, মঙলদৈ, দলগাঁও আৰু কলাইগাঁও সমষ্টি ।

দৰঙ জিলা প্ৰশাসন সাজু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে
দৰঙ জিলা প্ৰশাসন সাজু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে

দৰং, 31 মাৰ্চ: বৃহস্পতিবাৰে ৰাজ্যত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে দৰং জিলা । দৰং জিলাৰ চাৰিটা বিধানসভা সমষ্টিত এই বেলি অনুষ্ঠিত হ’ব ভোট গ্ৰহণ । এই চাৰিটা বিধানসভা সমষ্টি ক্ৰমে ছিপাঝাৰ, মঙলদৈ, দলগাঁও আৰু কলাইগাঁও ।

দৰঙ জিলা প্ৰশাসন সাজু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে

উল্লেখযোগ্য যে, দৰং জিলাত মুঠ ভোটাৰ হৈছে ৮,৩৮,৯৫৮ গৰাকী । ভোটগ্ৰহণৰ বাবে মুঠ ১২০১ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে জিলাখনত ।

ইপিনে ১২০১ টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিবলৈ ৫৭৬৮ গৰাকী কৰ্মচাৰী নিয়োগ কৰা হৈছে । মনকৰিবলগীয়া যে, চাৰিটা বিধান সভা সমষ্টিৰ বাবে ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ভাগ লৈছে ৩২ গৰাকী প্ৰাৰ্থীয়ে ।

লগতে পঢ়কঃ সতীৰ্থক নিৰ্বাচনী কাম আগবঢ়াবলৈ আহ্বান লুৰিণৰ

ABOUT THE AUTHOR

...view details