অসম

assam

ETV Bharat / state

বিধায়ক বসন্ত দাসৰ সমষ্টিত ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাতায়ত - dangerous road connectivity in Mangladoi

ৰাজ্য়িক বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ সফল বৰ্ষপূৰ্তি উদযাপনৰ সময়তে মঙলদৈৰ এখন দলঙে উন্মোচন কৰিছে গ্ৰামাঞ্চলৰ যাতায়ত ব্যৱস্থাৰ প্ৰতি থকা চৰকাৰৰ গুৰুত্বহীনতা ৷ ৰাইজৰ দান-বৰঙনিৰে প্ৰতিবছৰে নিৰ্মান কৰি অহা বাঁহৰ দলংখন জহি খহি যোৱাত বিপদসংকুলভাৱে নৈ পাৰ হৈ যাতায়ত কৰিবলগীয়া হৈছে কণকণ ছাত্ৰ-ছাত্ৰীয়ে (Dangerous transportation in Mangaldoi) ৷ কোনো এখন চৰকাৰেই বিষয়টো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

Dangerous transportation in Mangaldoi
বিধায়ক বসন্ত দাসৰ সমষ্টিত ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাতায়ত

By

Published : May 10, 2022, 7:10 PM IST

দলগাঁও, 10 মে’: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ধুমধামেৰে উদযাপন কৰিছে বৰ্ষপূৰ্তি (Anniversary of Himanta Biswa Sarma Govt)৷ জয়গান গাইছে এবছৰীয়া সফলতাৰ ৷ এনে সময়তে গ্ৰামাঞ্চলৰ যাতায়ত ব্যৱস্থাৰ ভগ্ন ছবিখন ছবিখন দাঙি ধৰিছে দৰঙৰ মঙলদৈ সমষ্টিৰ এখন দলঙে ৷ মৰণত শৰণ দি দলংখনেৰে যাতায়ত কৰা এটা বৃহত্তৰ অঞ্চলৰ ৰাইজে ক্ষোভ উজাৰিছে চৰকাৰৰ বিৰুদ্ধে (Dangerous transportation in Mangaldoi) ৷

বিধায়ক বসন্ত দাসৰ সমষ্টিত ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাতায়ত

বিধায়ক বসন্ত দাসৰ(MLA Basanta Das) সমষ্টিৰ সাধাৰণ জনতাই ভোগ কৰি কৰা অহা দুৰ্দশা বহুবছৰীয়া বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ‌নিৰ্বাচনৰ পূৰ্বে সঘন আহ-যাহ কৰা অঞ্চলটোলৈ নিৰ্বাচনত জয়ী হোৱাৰ পাছত পিঠি দিয়া বুলি অভিযোগ উত্থাপন কৰিছে দুৰ্ভগীয়া অঞ্চলবাসীয়ে ৷ বিগত 15 বছৰে কোনা এজনো বিধায়কৰে অঞ্চলটোলৈ সুদৃষ্টি নপৰাত স্থানীয় ৰাইজে গাঁথিৰ ধন ভাহি নিৰ্মাণ কৰি আহিছে টাংনি নৈৰ ওপৰত বাঁহৰ দলং (Bamboo bridge on Tangni river) ৷ কিন্তু প্ৰতি বছৰেই বাঢ়নি পানীয়ে উটুৱাই লৈ যায় দলংখন ৷

এই বৰ্ষতো ভৰ বাৰিষাৰ পূৰ্বেই যাতায়তৰ অনুপযোগী হৈ পৰিল দলংখন ৷ ফলত নৈখনৰেই বিপদসংকুলভাৱে যাতায়ত কৰিবলগীয়া হৈছে কণকণ ছাত্ৰ-ছাত্ৰীৰ লগতে ধূলা গাঁও পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ মাগুৰমাৰী আৰু ওঝা গাঁও পঞ্চায়তৰ কদমতলী, ওঝাগাঁও আদি অঞ্চলৰ লোকসকলে ৷ বৰ্তমান বাঁহৰ দলংখন জহি খহি যোৱাৰ ফলত নৈখন পাৰ হোৱাৰ কোনো বিকল্প ব্যৱস্থা নথকাত বিদ্যালয়লৈ অহাযোৱা কৰা ‌ কণকণ ‌ছাত্ৰ-ছাত্ৰীক অভিভাৱকসকলে পাৰ কৰি দিবলগীয়া হৈছে নৈখন ।

ইয়াৰোপৰি বহু ছাত্ৰ-ছাত্ৰীয়ে একাঠু-একঁকাল‌ পানীৰ মাজেৰে খোজ কাঢ়ি, একাংশই কান্ধত ছাইকেল লৈ নৈখন পাৰ হৈ বিদ্যালয়লৈ অহা-যোৱা কৰিবলগীয়া হৈছে । দীৰ্ঘদিন ধৰি কণ কণ ছাত্ৰ-ছাত্ৰীৰ বিপদ সংকুল যাতায়ত অব্যাহত থকাৰ পাছতো স্থানীয় বিধায়ক কিম্বা জন প্ৰতিনিধিয়ে গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷ উল্লেখযোগ্য যে, দৰঙৰ মঙলদৈ সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়কক ৰাইজে বহু আবেদন নিবেদন কৰে যদিও ৰাইজৰ এনে জলন্ত সমস্যাৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক:হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিফলতাৰ এবছৰ শীর্ষক প্ৰতিবাদ

ABOUT THE AUTHOR

...view details