অসম

assam

By

Published : Sep 13, 2019, 7:11 PM IST

ETV Bharat / state

দলগাঁৱত শিক্ষক-শিক্ষয়িত্ৰীৰ উত্তাল প্ৰতিবাদ

প্ৰাথমিক টেট উত্তীৰ্ণ কৰ্মৰত ঠিকাভিত্তিক ৪১ হেজাৰ শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীত দলগাঁৱৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষক-শিক্ষয়িত্ৰীসকলে ৷

দলগাঁৱত শিক্ষক-শিক্ষয়িত্ৰীৰ উত্তাল প্ৰতিবাদ

দলগাঁও,13চেপ্তেম্বৰ : শুকুৰবাৰে প্ৰতিবাদমুখী হৈ পৰে দলগাঁও ৷ দৰঙৰ দলগাঁও প্ৰাথমিক শিক্ষাখণ্ডৰ কাৰ্যালয়ত টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়া কৰণৰ দাবীত অৱস্থান ধৰ্মঘট কৰে কেইবা শতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে ৷ বিদ্যালয়ত পাঠদানৰ পৰা বিৰত থাকি শিক্ষক-শিক্ষয়িত্ৰীসকলে উত্তাল কৰি তোলে দলগাঁৱৰ ৰাজপথ ৷ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বান মৰ্মে প্ৰাথমিক টেট উত্তীৰ্ণ কৰ্মৰত ঠিকাভিত্তিক ৪১ হেজাৰ শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়া কৰিব লাগে ৷ যাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি তোলে ৷ এই প্ৰতিবাদত সদৌ অসম ৰাজ্যিক শিক্ষক সন্মিলনীয়ে পূৰ্ণভাৱে সমৰ্থন জনায় ৷

দলগাঁৱত শিক্ষক-শিক্ষয়িত্ৰীৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details