দলগাঁও, 4 ডিচেম্বৰ :আজিকোপতি সম্পূৰ্ণ নহ'ল দলগাঁও সমষ্টিৰ টাংনি নদীত স্থাপন কৰা এখন কোটি টকীয়া আঁচনি ৷ অসম চৰকাৰৰ জলসিঞ্চন বিভাগে (Irrigation Department at Dalgaon) ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰি দলগাঁও সমষ্টিৰ কৃষকৰ সুবিধাৰ্থে জলসিঞ্চন আঁচনিৰ কাম আৰম্ভ কৰিছিল ৷ কিন্তু আজিকোপতি নিৰ্মাণ অসম্পূৰ্ণ হৈয়ে ৰ’ল আঁচনিখনৰ ৷
কেৱল এয়াই নহয়, বিয়াগোম বিভাগটোৰ ব্যয়বহুল বহু আঁচনি কেৱল সীমাবদ্ধ হৈ থাকিল বিভাগীয় ফাইল আৰু ফলকত । কৃষক ৰাইজৰ স্বাৰ্থত মুকলি কৰা কোটিটকীয়া কোনো এখন আঁচনিয়ে আজিলৈকে সমষ্টিটোত কাৰ্যকৰী কৰা নহ'ল ৷ এনে এক ব্যয়বহুল আঁচনি হৈছে টাংনি বোঁৱতী নদী জলসিঞ্চন আঁচনি । উক্ত আঁচনিখনৰ পৰা বিগত প্ৰায় 11 টা বছৰে কৃষকসকলে লাভ নকৰিলে এটোপালো পানী ৷ পানীৰ পৰিৱৰ্তে কৃষকসকলক দিয়া হ’ল ৰামঠগন ৷
উল্লেখযোগ্য যে, অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ মঙলদৈ সংমণ্ডলৰ অধীনষ্ঠ দলগাঁও সমষ্টিটো এক গুৰুত্বপূৰ্ণ কৃষি প্ৰধান অঞ্চল ৷ সমষ্টিটোৰ ২নং কুঁৱৰী গাঁৱত স্থাপন কৰা হৈছিল এই আঁচনিখন ।