অসম

assam

By

Published : Jan 22, 2021, 9:36 PM IST

ETV Bharat / state

দলগাঁৱত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ শিক্ষাৰ্থীৰ

পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ছাত্ৰ-ছাত্ৰীৰ ৷ পৰীক্ষা দি ঘৰলৈ গৈ থকাৰ অৱস্থাত দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী মেজিক বাহনৰ খুন্দাত আহত হৈছিল এজন ছাত্ৰ ৷ যাৰ পাছতে উক্ত ঘটনাক কেন্দ্র কৰি মহাবিদ্যালয়ৰ ছাত্র সকলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

dalgaon-road-blocked-by-student
দলগাঁৱত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ শিক্ষাৰ্থীৰ

দলগাঁও, ২২ জানুৱাৰী : দলগাঁৱৰ পণ্ডিত দীনদয়াল মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে শুকুৰবাৰে এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

জানিব পৰা মতে, বসন্ত দাস নামৰ ছাত্র এজন পৰীক্ষা দি ঘৰলৈ গৈ থকাৰ অৱস্থাত দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বিপৰীত দিশৰ পৰা অহা AS 01 KC 5655 নম্বৰৰ মালবাহী মেজিক বাহন এখনে খুন্দিয়াই । ফলত ছাত্ৰ জনৰ সোঁ হাত ভাঙি গুৰুতৰ ভাৱে আহত হয় । আহত ছাত্ৰ জনক ততাতৈয়াকৈ দলগাঁও ৰাজ্যিক চিকিৎসালয়লৈ নিয়া হয় যদিও ডাক্টৰ নাৰ্চ নথকাত ৱাৰ্ড বয় এজনে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । যাৰ পাছতে উক্ত ঘটনাক কেন্দ্র কৰি মহাবিদ্যালয়ৰ ছাত্র সকলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

উক্ত ঘটনাক কেন্দ্র কৰি মহাবিদ্যালয়ৰ ছাত্র সকলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিৱেশ উত্তপ্ত কৰি তোলে ৷ এই পথ অৱৰোধ কাৰ্যসূচীৰ বাবে বহু সময় ধৰি ৰাজপথত আৱদ্ধ হৈ থাকে বহু যান বাহন ।
লগতে পঢ়ক:নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়-সূচী সলনি

ABOUT THE AUTHOR

...view details