অসম

assam

ETV Bharat / state

ৰাজ্যৰ ভিন্ন প্ৰান্তত 'পোষণ মাহ' পালন - পুষ্টিহীনতা

পুষ্টিহীনতা মু্ক্ত অসম গঢ়াৰ লক্ষ্যৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত 'পোষণ মাহ' পালন। দৰঙত বেছিমাৰী সংহত শিশু উন্নয়ণ সেৱা প্ৰকল্পৰ উদ্যোগত 'পোষণ বাগিছা' সজাগতা সৃষ্টিৰ প্ৰয়াস সমাজ কল্যাণ বিভাগৰ। কলগাছিয়াত সজাগতামূলক সমদল উলিয়ায় অংগনাবাড়়ী কৰ্মী-সহায়িকাই।

ৰাজ্যৰ ভিন্ন প্ৰান্তত 'পোষণ মাহ' পালন
ৰাজ্যৰ ভিন্ন প্ৰান্তত 'পোষণ মাহ' পালন

By

Published : Sep 30, 2020, 5:06 PM IST

নিউজ ডেস্ক,৩০ছেপ্টেম্বৰ:'ৰাষ্ট্ৰীয় পোষণ মাহ ২০২০' উপলক্ষে সমগ্ৰ দেশৰ সমান্তৰালকৈ ৰাজ্যৰ ভিন্ন প্ৰান্ততো বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। যোৱা ১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে এমাহ জোৰা 'ৰাষ্ট্ৰীয় পোষণ মাহ'ৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগে পুষ্টিসম্পন্ন গছ-গছনি ৰোপণ,সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰিছে। দৰং জিলা সমাজ কল্যাণ বিভাগৰ অধীনত 'বেছিমাৰী সংহত শিশু উন্নয়ণ সেৱা প্ৰকল্প'ৰ উদ্যোগত ৫নং বৰুৱাঝাৰ তৃতীয় খণ্ড (৪৫)নং অংগনাবাড়়ী কেন্দ্ৰৰ চৌহদত পোষণ বাগিছাৰ উদ্বোধন কৰি কেন্দ্ৰটোত সজাগতা সভা অনুষ্ঠিত কৰা হয়।

ৰাজ্যৰ ভিন্ন প্ৰান্তত 'পোষণ মাহ' পালন

পোষণ বাগিছা উদ্বোধন কৰে জিলা সমাজ কল্যাণ প্ৰকল্প বিষয়া আবু মহম্মদ আৰ্শ্বাদ হুছেইন আৰু বেছিমাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি জয়নুদ্দিন আহমেদে ৷ পোষণ বাগিছাত নানা ধৰণৰ পুষ্টিসম্পন্ন গছপুলি ৰোপণ কৰে ৷ সজাগতা সভাত শিশুৰ জন্মৰ পৰা প্ৰথম দুই বছৰলৈকে কেনেকৈ যত্ন লব লাগে,মাতৃৰ ৰক্তহীনতা দূৰ কৰাৰ বাবে কেনে ধৰণৰ খাদ্য খাব লাগে ইত্যাদি কথা পুংখানুপুংখভাৱে ৰাইজক বুজাই দিয়ে জিলা সমাজ কল্যাণ প্ৰকল্প বিষয়া গৰাকীয়ে ৷ সমান্তৰালভাৱে ৬ মাহৰ পিছত শিশুক খুৱাবলগীয়া আহাৰ খুৱাবলগীয়া আহাৰৰ বিষয়েও অৱগত কৰায়। সংহত শিশু উন্নয়ণ প্ৰকল্পৰ মুখ্য সেৱিকা বন্দিতা শইকীয়াৰ লগতে অন্যান্য বিষয়ববীয়া সকলো সভাত উপস্থিত থাকে ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তত 'পোষণ মাহ' পালন

বৰপেটাৰ কলগাছিয়াৰ বালাৰপথাৰতো পোষণ মাহৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰূপসী শিশু সংহত সেৱা প্ৰকল্পৰ অন্তৰ্গত টাপেশ্বৰা গাঁও পঞ্চায়তত মুখ্য সেৱিকা মিনা ভূইয়াৰ নেতৃত্বত অংগনাবাড়়ী কৰ্মী-সহায়িকা সকলে সজাগতামূলক সমদল উলিয়ায়। কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিশ্বজিত দত্তই পোষণ বাগিছা উদ্বোধন কৰে।

ৰাজ্যৰ ভিন্ন প্ৰান্তত 'পোষণ মাহ' পালন

লগতে ৰূপসী সংহত শিশু প্ৰকল্প বিষয়া মহেন্দ্ৰ মোহন অধিকাৰী আৰু খণ্ড উন্নয়ণ বিষয়াও উপস্থিত থাকে। পোষণ মাহত বাল্যবিবাহ,শিশু নিৰ্যাতন আদি বন্ধ কৰিবলৈ সজাগতা সৃষ্টি কৰাৰ লগতে পুষ্টিকৰ খাদ্য,সেউজীয়া শাক-পাচলি,ফল-মূলৰ উপকাৰিতাৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে সজাগতামুলক প্ৰদৰ্শনীৰো আয়োজন কৰা হয়।

PLEASE CHECK MAPPING

ABOUT THE AUTHOR

...view details