দলগাঁও, 3 অক্টোবৰ :দৰঙৰ দৈপাম আৰক্ষী চকীৰ অন্তৰ্গত ২ নং মাজগাঁৱত উদ্ধাৰ হয় এটা মৃতদেহ ৷ মৃতদেহ টো উদ্ধাৰ হোৱাৰ পিচত অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্য৷ অভিযোগ মতে, গাঁও খনৰ ছাবেদ আলীৰ পুত্ৰ অলি উল্লাহৰ ধান খেতিৰ মাজেৰে আব্দুল ৰশ্বিদৰ পুত্ৰ জামাল উদ্দিনে ট্ৰেক্টৰ চলোৱাত বাধা প্ৰদান কৰাৰ বাবে দুই পক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় । তাৰ পিছৰে পৰাই অলি উল্লাহৰ পৰিয়ালক ভাবুকি প্ৰদান কৰি আহিছে জামাল উদ্দিনৰ পৰিয়ালে ।
শনিবাৰে নিশা প্ৰায় ১০ মান বজাত প্ৰস্ৰাৱ কৰিবলৈ বাহিৰলৈ ওলাই যায় অলি উল্লাহ । তাৰ পিছৰে পৰা নিখোজ হয় অলি উল্লাহ, পুৱা ঘাঁহ কাটিবলৈ যোৱাত জংঘলৰ মাজত আলি উল্লাহৰ মৃতদেহটো প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে । পৰিয়ালৰ লোকৰ মতে, এইয়া হত্যাকাণ্ড ৷