দলগাঁও, 12 ছেপ্টেম্বৰ: প্ৰেমৰ এক কৰুণ পৰিণতি হিচাবে দলগাঁৱত মৃত্যুক সাৱতিলে এগৰাকী যুৱতীয়ে । দলগাঁও আৰক্ষীৰ তত্বাৱধানত এলিজা পাৰবিন নামৰ এগৰাকী যুৱতীক ধূলা মহিলা হোষ্টেল নামৰ এটা নিৱাসত ৰখাৰ এদিন পিছতে 11 ছেপ্টেম্বৰত মৃত অৱস্থাত উদ্ধাৰ হ’ল যুৱতীগৰাকী৷ পুৱা বাথৰুমৰ পৰা ৰহস্যজনক ভাৱে উদ্ধাৰ হয় এলিজা পাৰবিনৰ মৃতদেহ ।
জানিব পৰা মতে, দীৰ্ঘদিন ধৰি যুৱতী গৰাকীৰে প্ৰেমৰ সম্পৰ্ক আছিল ৰৌতা থানাৰ অন্তৰ্গত আমিনপাৰা গাঁৱৰ ছফিকুল ইছলাম নামৰ এজন যুৱকৰ সৈতে । প্ৰতাৰক প্ৰেমিকে অন্য এগৰাকী যুৱতীক বিয়া পতাৰ খবৰ জানিব পাৰি এলিজা পাৰবিন উপস্থিত হৈছিল প্ৰেমিক ছফিকুলৰ ঘৰত । ইফালে প্ৰেমিকৰ ঘৰৰ পৰা এলিজাক উদ্ধাৰৰ বাবে ৰৌতা আৰক্ষীৰ এটা দল উপস্থিত হয়৷ আৰক্ষীৰ উপস্থিতিতেই প্ৰেমিকৰ পৰিয়ালে যুৱতী গৰাকীৰ ওপৰত চলাই শাৰীৰিক নিৰ্যাতন ।